বানপানীয়ে বুৰাই পেলালে বৰভাগ আৰু বাহাৰঘাটৰ বিস্তীৰ্ণ অঞ্চল

Flood

নৰেন শৰ্মা,বাহাৰঘাট:

পুনৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে বৰভাগ আৰু বাহাৰঘাটৰ বিস্তীৰ্ণ অঞ্চল।এসপ্তাহজোৰা নেৰানেপেৰা বৰষুণৰ ফলত  বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত নলবাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ অধীনষ্ঠ শুকাবলৈ ধৰা কৃৃষি পথাৰ পুনৰ জলমগ্ন হোৱাত কৃষকে পথাৰত কৃষি কৰ্মৰ প্ৰতি আশা ত্যাগ কৰিবলগীয়া অৱস্থা হৈছে।কৃষকসকলে কৃষি পথাৰত নামিবলৈ সাজু হোৱাৰ সময়তে পুনৰ কৃষিপথাৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে। সময়মতে কঠিয়া ৰুব নোৱাৰিলে কঠিয়া নষ্ট হৈ যোৱাৰ আশংকা কৰি কৃষকে এতিয়া মূৰে- কপালে হাত দিছে।সম্প্ৰতি আৰংগমৌ, বৰগাছা, বৰশিমলুৱা, আঠঘৰীয়া, ৰাইমাধা, কোটালকুছি,কমাৰকুছি,দেহাৰকুছি,লৰমাবটাকুছি,চতমা,ধুৰকুছি,থানপাতকুছি, কিচমৎ, বৰবুকীয়া,সোণকানি আদি গাঁৱৰ কৃষকসকল এতিয়া চিন্তাক্লিষ্ট সময় পাৰ কৰিব লগা অৱস্থা হৈছে৷ইতিমধ্যে শনিবাৰে নিশা পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে ৰঙিয়াৰ বগৰীবাৰীত মথাউৰি ছিঙাৰ পিচত কমলপুৰ ৰাজহ চক্ৰৰ কাবিলাত পুনৰ মথাউৰি চিঙি বিভিষিকাৰ সৃষ্টি কৰিছে। নিশা ১২ বজাত মনাহকুছি আৰু  পুৱতি নিশা কছুৱাৰবড়ীত নৈখনৰ দক্ষিণ দিশত আৰু পুৱা কাবিলাত পুঠিমাৰী নৈৰ উত্তৰ দিশৰ মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। উক্ত ভগ্ন মথাউৰিৰে তীব্ৰ বেগেৰে সোমাই থকা নৈখনৰ  বাঢ়নি পানীয়ে কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ কেইবা সহস্ৰাধিক লোকৰ ঘৰ-বাৰী বুৰাই বিস্তৰ ক্ষতি সাধন কৰাটো নিশ্চিত হৈ পৰিছে।ইতিমধ্যে অঞ্চলকেইটালৈ তীব্ৰ বেগেৰে বাঢ়নী পানী সোমাবলৈ ধৰিছে৷

Your Comments