২০২১ত অসম বিধানসভাৰ নিৰ্বাচন ৬ মাহৰ পৰা ১৩ মাহলৈ পিছুৱাব পাৰে

বিধানসভাৰ নিৰ্বাচন

অত্যধিক খৰচ আৰু সময়লৈ গুৰুত্ব দি লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পক্ষপাতী কেন্দ্ৰীয় চৰকাৰ ৷ এই প্ৰসংগত আইন আয়োগে আইন মন্ত্ৰণালয়লৈ এখন খচৰা প্ৰতিবেদন দাখিল কৰিছে ৷

প্ৰতিবেদনত উল্লেখ কৰাৰ হৈছে যে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে সময় আৰু খৰচ কম হোৱাৰ লগতে বাৰে বাৰে নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰাৰ প্ৰয়োজন নহ’ব ৷ কেন্দ্ৰৰ যুক্তি হ’ল বাৰে বাৰে নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰিলে উন্নয়নৰ ধাৰা স্তব্ধ হৈ পৰে ৷

২০২১ত অসম বিধানসভাৰ নিৰ্বাচন ৬ মাহৰ পা ১৩ মাহলৈ পিছুৱাব পাৰে

ফলত সামূহিকভাৱে দেশ আৰু দেশবাসীৰ লোকচান হয় ৷ আয়োগৰ প্ৰতিবেদন মতে, দেশৰ প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ লগত একেলগে অনুষ্ঠিত কৰা সম্ভৱ নহ’ব ৷

সেইবাবে সংবিধান আৰু নিৰ্বাচনী আইনৰ কিছু পৰিৱৰ্তন কৰা প্ৰয়োজন হ’ব ৷ আইন আয়োগে দিয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ লগত ১৩খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব ৷

২০২১ত অসম বিধানসভাৰ নিৰ্বাচন ৬ মাহৰ পা ১৩ মাহলৈ পিছুৱাব পাৰে

অৱশ্যে ৪খন ৰাজ্যৰ বিধানসভাৰ ম্যাদ বঢ়াব লাগিব আৰু ৪খনৰ ম্যাদ কমাব লাগিব ৷ ৫খন ৰাজ্যৰ পৰিৱৰ্তন কৰিবলগা নহয় ৷ আইন আয়োগে দিয়া প্ৰতিবেদন মতে, ২০২১ত নিৰ্বাচন অনুষ্ঠিত কৰিবলগা ১৭খন ৰাজ্যৰ নিৰ্বাচন সেই বছৰৰ অক্টোবৰ বা নৱেম্বৰ মাহত একেলগে অনুষ্ঠিত কৰিব পৰা যাব ৷

২০২১ত অসম বিধানসভাৰ নিৰ্বাচন ৬ মাহৰ পা ১৩ মাহলৈ পিছুৱাব পাৰে

এই ক্ষেত্ৰত বিহাৰ, কেৰালা, তামিলনাডু, পুডুচেৰি আৰু অসম বিধানসভাৰ ম্যাদ ৬ মাহৰ পৰা ১৩ মাহ পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰয়োজন হ’ব ৷

অন্য ১২খন ৰাজ্যৰ বিধানসভাৰ ম্যাদ ৩ মাৰ পৰা ৬ মাহ সময় কমোৱাৰ প্ৰয়োজন হ’ব ৷ পশ্চিমবঙ্গৰ নিৰ্বাচন ৬ মাহ আগুৱাই আহিব ৷
 

Your Comments