লক্ষ্য '২১ৰ দিছপুৰ দখল:১৮জুনত ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল ৰেলী

Ranjit Das

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ সংগ্রাম দেশৰ লগতে ৰাজ্যত অব্যাহত আছে।প্ৰতিৰোধ সংগ্রামৰ সমানে সমানে ২০২১ৰ নিৰ্বাচনৰ বাবেও সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ।ব্যতিক্ৰম হৈ ৰোৱা নাই দিছপুৰৰ শাসনাধীন বিজেপিয়ো।ডিজিটেল মাধ্যমৰ জৰিয়তে দলটোৱে প্ৰস্তুতি চলাইছে নিৰ্বাচনী প্ৰচাৰৰ।

'২১ৰ নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখিয়ে অসম ৰাজ্যিক বিজেপিয়ে অহা ১৮জুনত 'ভাৰ্চুৱেল ৰেলী' শীর্ষক কাৰ্যসূচী গ্ৰহণ কৰিব।ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ কমিটীৰ উদ্যোগত হ'ব লগা ভাৰ্চুৱেল ৰেলীত ৰাজ্যৰ জনতা আৰু তথা বিজেপি কৰ্মকৰ্তাকসকলক সম্বোধন কৰিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।দিনৰ ১২বজাত বিজেপিৰ ফেচবুক আৰু ইউটিউবৰ চেনেলৰ জড়িয়তে ৰাজ্যবাসীক সম্বোধন কৰিব লগা কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু 'নেডা'ৰ আহ্বায়ক তথা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইয়ো অংশগ্ৰহণ কৰিব।এই কথা প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

ভাৰতীয় জনতা পাৰ্টিৰ ফেচবুক পেজ আৰু  ইউটিউব চেনেলযোগে
প্ৰচাৰ হ'ব লগা ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ জনতাক আহ্বান জনাইছে।

Your Comments