আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষক প্ৰশিক্ষণ আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন

আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষক প্ৰশিক্ষণ আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন

যোৱা ২৮ আগষ্ট মঙলবাৰে যোৰহাট জিলাৰ তিতাবৰস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ (আৰ এ আৰ এছ)ত অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান 'ইৰি' (আই আৰ আৰ আই)ৰ যুটীয়া উদ্যোগত এপাৰ্ট (এ পি এ আৰ টি)ৰ ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন প্ৰযুক্তি আৰু যন্ত্ৰসমুহৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন অনুষ্ঠিত হৈ যায় ।

এই অনুষ্ঠানত মেচিনৰ জৰিয়তে ধান ৰোপণৰ প্ৰদৰ্শন কৰা হয় । ধান ৰোপণ যন্ত্রৰ দ্বাৰা ধানৰ খেতিত হেক্টৰে প্ৰতি ৫০০০ৰ পৰা ৭০০০ টকা সঞ্চয়ৰ লগতে প্ৰতি হেক্টৰে ৫ৰ পৰা ৬ কুইণ্টল ধানৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে ১৬ৰ পৰা ২০ শতাংশ খেতিত বনুৱাৰ সংখ্যা কমাব পাৰি ।

এই অনুষ্ঠানত মেট নাৰ্ছাৰী, গুটি ছটিওৱা মেচিন, ৰিপাৰ আদিৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে বিশেষজ্ঞসকলে বিনাধান ১১, ৰঞ্জিত ছাব-১, বাহাদুৰ ছাব-১ জাতৰ বিষয়ে কৃষকসকলক অবগত কৰে । 

আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষক প্ৰশিক্ষণ আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন

অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব তথা এৰিয়াছ ছ'চাইটীৰ আঁচনি সমন্বয়ক বিনোদ শেষানে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে অসমৰ কৃষি খণ্ডত পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰে ।

লগতে সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে যান্ত্ৰিকীকৰণ সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে । লগতে কৃষিভূমি সংৰক্ষণৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা ল'বৰ বাবে কৃষি বিভাগে আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ।

অনুষ্ঠানত আন্তজাৰ্তিক ধান গৱেষণা কেন্দ্রৰ ডঃ সুধাংশু সিং উপস্থিত থাকি বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কৰিব পৰা বিভিন্ন ধানৰ জাতসমূহৰ বিষয়ে আভাষ দিয়ে আৰু যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে ল'বলগা বিভিন্ন প্ৰযুক্তিসমূহৰ ভিডিঅ' প্ৰদৰ্শন কৰে ।

এই প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচীত ১২০জন কৃষকে প্ৰশিক্ষণ গ্রহণ কৰে । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ অশোক ভট্টাচার্য উপস্থিত থাকি এপাৰ্টৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ল'বলগীয়া কৃষি উন্নয়নৰ আঁচনিৰ বিষয়ে বিশদ আলোচনা আগবঢ়ায় ।

সভাত তিতাবৰ মহকুমাৰ মহকুমাধিপতি কমলজিত তালুকদাৰ, জিলা কৃষি বিষয়া দীপক শৰ্মা আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ ডঃ কৌৰ সিং উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।

প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, কৃষি বিভাগৰ আৰু এৰিয়াছ ছ'চাইটীৰ বিভিন্ন বিষয়া উপস্থিত থাকে । সভাৰ আৰম্ভণিতে আঞ্চলিক ধান গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ তমিজউদ্দিন আহমেদে আদৰণী ভাষণ আগবঢ়ায় ।

উল্লেখ্য যে আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান 'ইৰি'  আৰু এপাৰ্টৰ মাজত যোৱা ১৬ মাৰ্চত অসমৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ তথা প্ৰতিকূল বতৰৰ লগত খাপখোৱাকৈ বিভিন্ন ধানৰ জাতৰ প্ৰচলন আৰু নতুন প্ৰযুক্তি ব্যাবহাৰৰ জৰিয়তে অসমৰ ১৬খন জিলাৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে আৰ্থিকভাৱে সৱলীকৰণ কৰিবলৈ এখন বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰে ।

এই চুক্তিৰ অংশ হিচাপে আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান 'ইৰি'ৰ কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে ধানখেতিৰ বিভিন্ন পর্যাযত বিভিন্ন প্ৰযুক্তিৰ সঠিক ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব । ইয়াৰোপৰি অসমৰ জলবায়ু অনুকূল উচ্চ উৎপাদন সম্পন্ন ধানৰ জাত বিনাধান ১১, ৰঞ্জিত ছাব-১, বাহাদুৰ ছাব-১ জনপ্ৰিয়কৰণত গুৰুত্ব দিব ।

এই আঁচনিসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ আত্মাৰ জৰিয়তে ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে ।
 

Your Comments