গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে শনিবাৰে জিলাখনৰ ৬০ জন লেবৰেটৰী টেকনিচিয়ানৰ সৈতে এখন গুৰুত্বপূৰ্ণ আলোচনা সভাত মিলিত হয়। জিলাখনৰ বোকাখাত,কমাৰবন্ধা,চাৰিঙীয়া আৰু মিছামৰা খণ্ড চিকিৎসালয়ৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ৰ পৰা আহে এই টেকনিচিয়ানসকল।
সভাত উপায়ুক্তগৰাকীয়ে ক'ভিদ-১৯ ভাইৰাছজনিত ৰোগ জিলাখনত প্ৰতিৰোধ আৰু সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত টেকনিচিয়ানসকলৰ পূৰ্ণ সহযোগিতা বিচাৰে।তদুুপৰি,লেবৰেটৰীসমূহত নিৰ্দ্ধাৰিত পৰীক্ষাসমূহ সম্পন্ন কৰা,অভাৱ-অভিযোগসমূহৰ বিষদ আলোচনা কৰে।সভাত অতিৰিক্ত উপায়ুক্ত ডা: উদয় প্ৰবীণে(স্বাস্থ্য) হিমগ্লবিন,এইছ আই ভি টেষ্ট,ৱাইডেল টেষ্ট, মেলেৰিয়া আদিৰ তথ্যৰ বুজ লোৱাৰ লগতে পৰামৰ্শ দিয়ে।জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক তৌফিক হুচেইন উপস্থিত থকা সভাত জ্যেষ্ঠ লেবৰেটৰী টেকনিচিয়ান দেৱজিৎ লাহনে ক'ভিদ ১৯ ৰোগৰ নমুনা সংগ্ৰহ আৰু ভাইৰাছৰ দ্বাৰা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ক্ষেত্ৰত উপায়ুক্তৰ পৰামৰ্শ আৰু পদক্ষেপৰ শলাগ লয়।লগতে,সহকৰ্মী টেকনিচিয়ানসকলক নিষ্ঠা আৰু সাহসেৰে কৰ্মক্ষেত্ৰত দক্ষতাৰ পৰিচয় দিবলৈ আহ্বান জনায়।সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন,গোলাঘাট জিলাৰ আঁচনি বিষয়া অনুষ্কা বৰুৱা,মিডিয়া এক্সপাৰ্ট পূৰ্বালী বৰা প্ৰমুখ্যে খণ্ডকেইটাৰ মহকুমা চিকিৎসা বিষয়াসকল উপস্থিত থাকে। উপায়ুক্তগৰাকীয়ে শেষত মন্তব্য কৰে যে লেবৰেটৰী টেকনিচিয়ানসকলৰ উপায়ুক্তৰ সৈতে এইখনেই অসমত প্ৰথমখন সভা।
- Log in to post comments
- 19 views