সোণাৰিত বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

Pic

সোণাৰিৰ পৰা ঘন বৰা:

চৰাইদেউ জিলাৰ সোণাৰিৰ ভোগবাৰী গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।'লকডাউন'ৰ মাজতে খাদ্য সংকটৰ সন্মুখীন হৈ বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ বাবেই মৃত্যুমুখত পৰে পৰিয়ালটোৰ পিতৃ ৰিখেশ্বৰ বড়া (৩৪), মাতৃ শুৱলা বড়া (৩২) আৰু কন্যা হিমাদ্ৰী বড়া (১৪)।

Pic

আনহাতে,পৰিয়ালটোৰ ৯ বছৰীয়া পুত্ৰ দেৱজিৎ বড়া সম্প্ৰতি চিকিৎসাধীন।উল্লেখ্য যে ২৮ এপ্ৰিলৰ দিনা বনৰীয়া কাঠফুলা আনি পৰিয়ালটোৱে ভক্ষণ কৰাৰ পিছতে নিশালৈ সকলােৰে বমি হবলৈ ধৰে।নিশাটো ঘৰতে পাৰ কৰাৰ পিছত ২৯ এপ্রিলৰ পুৱাই পৰিয়ালৰ লােকে চাৰিওকে সাপেখাতী চাৰিআলি আদর্শ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়ে যদিও পৰিয়ালটোৱে চিকিৎসকৰ পৰা কাঠফুলা ভক্ষণ কৰা বিষয়টো গােপনে ৰাখে।চিকিৎসকে প্রাথমিক চিকিৎসা প্রদান কৰি উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৰ সকলােকে সােণাৰি ৰজাপুখুৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইফালে চিকিৎসকৰ  নির্দেশ অমান্য কৰি পৰিয়ালটো ঘৰলৈ ঘূৰি গৈছিল যদিও ক্ৰমাৎ সকলােৰে অৱস্থাৰ অধিক অৱনতি হোৱাত  উপায়ন্তৰ হৈ পুনৰ সােণাৰি অসামৰিক চিকিৎসালয়ত ভর্তি হোৱাত কাঠফুলা ভক্ষণ কৰা সন্দৰ্ভত চিকিৎসকক অৱগত কৰে।সােণাৰিৰ পৰা উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৰ সকলােকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত  পৰিয়ালটোৰ তিনিজন লোকৰ মৃত্যু হয়।

Your Comments