মৃণাল ডেকা,শুৱালকুছি:
ক'ৰ'না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অব্যাহত থকা দেশজোৰা 'লকডাউন'ৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত শুৱালকুছিৰ বস্ত্ৰশিল্পৰ সমস্যাৰ বুজ লোৱাৰ বাবে শুকুৰবাৰে(১ মে') সদৌ অসম ছাত্ৰ সন্থাৰ সহকৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সদৌ কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা,শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু দাসকে আদি কৰি কেইবাগৰাকীও ছাত্ৰ নেতাই লকডাউনৰ সময়ছোৱাত ক্ষতিৰ সন্মুখীন হোৱা শুৱালকুছিৰ বস্ত্ৰশিল্পৰ কেইবাজনো শিপিনী আৰু বস্ত্ৰ ব্যৱসায়ীৰ লগত মত-বিনিময় কৰি বৰ্তমান শিল্পটোৰ সমস্যাসমূহৰ বুজ লয়৷শুৱালকুছিৰ বস্ত্ৰশিল্পৰ সংকটৰ সময়ত বুজ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শুৱালকুছিক 'হেণ্ডলুম ক্লাষ্টাৰ' হিচাপে ঘোষণা কৰাৰ লগতে বস্ত্ৰশিল্পৰ বাবে বাজেটত ধাৰ্য্য কৰা ১০ কোটি টকা কৰ্তন নকৰি শুৱালকুছিৰ ক্ষতিগ্ৰস্ত বস্ত্ৰশিল্পৰ বাবে মোকলাই দিব লাগে।অসমৰ গৌৰৱ আৰু অসমৰ স্বাভিমান জড়িত থকা বস্ত্ৰশিল্পটোৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে ১০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী তথা সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় প্ৰকাশ চন্দ্ৰ দাসে।পৰিস্থিতিৰ বুজ লবলৈ আহি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে শুৱালকুছিৰ ১৫ হেজাৰ তাঁতশালৰ বাবে আৱশ্যক হোৱা পাট সূতা আৰ্টফেড আৰু এনএইচডিচিৰ পৰা শুৱালকুছিস্থিত সূতাৰ ভঁৰালৰ জৰিয়তে পঞ্চাশ শতাংশ ৰেহাই মূল্যত প্ৰয়োজনীয় সূতা শিপিনীক যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।ৰাজ্যৰ হস্তঁতাত আৰু বস্ত্ৰশিল্প বিভাগে উচিত মূল্যত শিপিনীৰ পৰা কাপোৰ ক্ৰয় কৰিবলৈ সুপৰিকল্পনা অতি সোনকালে প্ৰস্তুত কৰিবৰ বাবে তেওঁ দাবী জনায়।লগতে শিল্পটোৰ লগত জড়িত অসমৰ অন্য স্থানৰ পৰা শুৱালকুছিৰ বস্ত্ৰ শিল্পটোত কৰ্মৰত শিপিনীসকলকো সাহায্য প্ৰদান কৰিবলৈও দাবী জনায়।কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পঞ্জীয়ন তথা শুৱালকুছিৰ শিল্পটোৰ লগত জড়িত বয়ন সমবায় সমিতিসমূহকো এই বিপৰ্যয়ৰ সময়ত স্থানীয় তথা অন্য প্ৰান্তৰ পৰা তাঁঁতশালত কৰ্মৰত হৈ থকা শিপিনীসকলক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
পৰিদৰ্শনৰ সময়ছোৱাত উপস্থিত থাকি শুৱালকুছিৰ শিপিনী তথা বস্ত্ৰ ব্যৱসায়ী সঞ্জীৱ মহন্ত,হিতেশ দাস,বলেন দাসে কেইবাটাও উপদেশ আগবঢ়োৱাৰ লগতে তেওঁঁলোকে এই দুৰ্যোগৰ সময়ত শুৱালকুছিৰ তাঁঁতশালৰ শিপিনী তথা বস্ত্ৰ ব্যৱসায়টোৰ বুজ লোৱাৰ বাবে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনায়।ইয়াৰ পূৰ্বে যোৱা ২৯ এপ্ৰিলত শুৱালকুছিৰ তাতঁশালৰ বিভিন্ন সমস্যা আৰু লকডাউনৰ সময়ত
ক্ষতিগ্ৰস্ত শিপিনীসকলক সাহায্য প্ৰদান কৰিবলৈ কামৰূপ জিলা ছাত্ৰ সন্থাই 'আছু'ৰ কেন্দ্ৰীয় নেতা প্ৰকাশ দাসৰ নেতৃত্বত কামৰূপ জিলা উপায়ুক্তৰ হাতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপ্ৰত্ৰ প্ৰদান কৰে । পৰিদৰ্শনৰ অন্তত
ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰাইজৰ সেৱাত নিজকে নিয়োজিত কৰা শুৱালকুছিৰ স্থানীয় ১৮ গৰাকী সাংবাদিকক ক্ৰমে কনক বৈশ্য,দিলীপ মেধি,ৰত্ন কুমাৰ দাস,হৰিপ্ৰসাদ দাস,প্ৰবীণ দাস,হেমেন দাস,মৃনাল কুমাৰ ডেকা শৰনীয়া,দিপক দাস,পুলিন দাস,ধীৰাজ দাস,সৌৰভ বৈশ্য,ৰূপক বৈশ্য,দিপু দাস,অবিনাশ কলিতা,কিশোৰ গোস্বামী,বিশ্বজিৎ দাস,অমল দাস আৰু চিত্তৰঞ্জন মেধিক শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই গামোচা,মাক্স,ছেনিটাইজাৰেৰে শুভেচ্ছা জনায়।এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা,শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু দাস আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ দাস ৷
- Log in to post comments
- 49 views