'লকডাউন'ত সাগৰকুছিত এগৰাকী মেধাৱী ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ:১৫ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ বিদ্যাৰ্থীক পাঠদান

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

'লকডাউন'ৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা।বন্ধ হৈ পৰিছে  স্কুল কলেজ,চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,দোকান-পোহৰ আদি সকলো।লকডাউনৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পাঠদানত যাতে বাধাৰ সৃষ্টি নহয়,তাৰ বাবে নলবাৰী জিলাৰ  ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়,বনভাগ খাটা দিহজাৰী হাইস্কুল,বনভাগ ঘোঁহকুছি হাইস্কুল,খাটিকুছি বনভাগ বালিকা হাইস্কুলকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্রীয়ে  অনলাইন আৰু ফোন যোগে পাঠদান কাৰ্য্যসূচী অব্যাহত ৰাখিছে।তেনে সময়তে ২ নং সাগৰকুছিৰ এগৰাকী মেধাৱী ছাত্ৰী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰী প্ৰীতিৰেখা দাসে গাঁঁওখনৰ ১৫ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক যোৱা ২২ দিন ধৰি ব্যৱহাৰিক শিক্ষাৰ লগতে বিদ্যালয়ৰ পাঠ্যপুথিৰ শিক্ষা দি আহিছে।প্ৰীতিৰেখা দাসে নিজৰ ঘৰৰ চোতালত  সামাজিক দূৰত্ব বজাই ৰাখি আৰু প্ৰশাসনৰ নীতি-নিয়ম মানি পুৱা আৰু সন্ধিয়া দিনে দুবাৰকৈ পঢ়াই আহিছে। প্ৰীতিৰেখা দাস ২নং সাগৰকুছিৰ বাসিন্দা।প্ৰতাপ  দাস আৰু মীনা দাসৰ জীয়াৰী।প্ৰীতিৰেখা দাসৰ এনে পদক্ষেপৰ পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ  সন্থা আৰু অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
 
 

Your Comments