নগাঁৱৰ বেবেজীয়াৰ সমাজকৰ্মী মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ বিয়োগ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বিৰহ বেবেজীয়াৰ জীৱন বীমা নিগমৰ বিষয়া তথা সমাজকৰ্মী মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।উল্লেখযোগ্য যে 1932 চনত জন্ম
গ্ৰহণ কৰা বৰঠাকুৰ যোৱা ২৬ এপ্ৰিলত ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ সদস্যই গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও দুপৰীয়া ১১-১৫ বজাত শেষনিশ্বাস ত্যাগ কৰে।বৰঠাকুৰৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা নগাঁৱৰ বাসগৃহলৈ অনাৰ পথত বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰ,শেনছোৱা শংকৰদেৱ বিদ্যা নিকেতন,বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয় আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইয়াৰ পিছতে বৰঠাকুৰৰ বাসগৃহত শিক্ষক ধ্ৰুৱ জ্যোতি বৰঠাকুৰে আঁত ধৰা এটা অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজ,
বেবেজীয়া সাৰ্বজনীন পূজা মন্দিৰ,কল্লোল সাংস্কৃতিক গোষ্ঠী,সংস্কৃত ভাষা বিকাশ মঞ্চ,অম্লান গোষ্ঠী,ভাৰতীয় জীৱন বীমা নিগম আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ভাৰতীয় জীৱন বীমা নিগমৰ পৰা উন্নয়ন বিষয়া ৰূপে অৱসৰ গ্ৰহণ কৰা মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৮ বছৰ।মৃত্যুৰ সময়ত বৰঠাকুৰে পত্নীৰ উপৰি দুজন পুত্ৰ আৰু তিনিগৰাকী জীয়াৰীক ইহ-সংসাৰত এৰি থৈ যায়।বিয়লি শোকাকুল পৰিৱেশত মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Your Comments