বৰভাগৰ পৰা সঞ্জয় দাস:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে চৰকাৰে জাৰি কৰা 'লকডাউন'ৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন,গৃহবন্দী হৈ পৰিছে জনতা।এনে সময়তে নলবাৰীৰ টাটা মটৰচ্ৰ স্বত্বাধিকাৰী তথা যুৱ ব্যৱসায়ী দিলীপ কুমাৰ দাসে নলবাৰী জিলাৰ ১১ নং দেহাৰকুছি পঞ্চায়ত,১২ নং দতৰা পঞ্চায়তকে ধৰি ভালেসংখ্যক পঞ্চায়তত দুখীয়া পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে।দাসৰ এনে পদক্ষেপৰ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰে।
- Log in to post comments
- 10 views