মাকৈ খেতি-গাইগৰু পালনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন হাজোৰ যুৱকৰ

Pic

হাজোৰ পৰা কমলাকান্ত দাস 

চৰকাৰী চাকৰিয়েই জীৱিকাৰ একমাত্র পথ হব'লৈ নোৱাৰে।সম্পূৰ্ণ  একাগ্ৰতা  আৰু নিষ্ঠাৰে যিকোনো কৰ্মত ব্ৰতী হৈও একোটিকৈ পৰিয়াল সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি। তাকেই প্ৰমাণ কৰি দেখুৱালে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষেত্ৰিহাৰদিয়াৰ শিক্ষিত যুৱক মণীন্দ্ৰ মেধিয়ে (মনি)।বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি সম্প্ৰতি বেচৰকাৰী শিক্ষানুষ্ঠান  এখনত শিক্ষকতা কৰা মণীন্দ্ৰই মাকৈ খেতি কৰাৰ উপৰিও উন্নত জাতৰ গাইগৰু পালন কৰি অঞ্চলটোত স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।এইবেলি তেওঁ প্ৰায় ৮ বিঘা কৃষি ভূমিত মাকৈৰ খেতি কৰি অধিক উৎপাদন লাভ কৰিছে।সম্প্ৰতি ইয়াৰে আধাসংখ্যক কৃষিভূমিৰ পৰা প্ৰায় ৫০ কুইণ্টল মাকৈ চপাইছে যদিও বাকীখিনি মাকৈ পথাৰতে থকা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে মাকৈ খেতিৰ গছ আৰু পাতবোৰো মণীয়ে অথলে যাবলৈ দিয়া নাই।এইবোৰ খুৱাবলৈ তেওঁ পালন কৰিছে গাইগৰু।গতিকে,গৰুৰ খাদ্য হিচাপেহে ব্যৱহাৰ কৰিছে গছ আৰু পাতবোৰ।মণীয়ে পালন কৰা উন্নত জাতৰ  ১৮টা গাই গৰুৰ পৰা দৈনিক উৎপাদন কৰে প্ৰায় ৩৫-৪০ লিটাৰ গাখীৰ (ছয়টা খিৰতী)।এই উৎপাদিত গাখীৰ তেওঁ হাজো অঞ্চলৰ কেইবাখনো আগশাৰীৰ চাহ দোকান আৰু হোটেলত যোগান ধৰে।লকডাউনৰ বাবে গাখীৰ সম্প্ৰতি বিক্ৰী কৰিব নোৱাৰাত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগীয়া হোৱা বুলিও তেওঁ দুখ প্ৰকাশ কৰে।অঞ্চলটোৰ শিক্ষিত যুবকসকলৰ বাবে এনে নিদৰ্শন দেখুওৱা যুৱক মণীয়ে চৰকাৰ তথা কৃষি বিভাগৰ পৰা এই ক্ষেত্ৰত কোনো ধৰনৰ সহায় সহযোগ পোৱা নাই বুলি জানিবলৈ দিয়ে।

Your Comments