আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনলৈ 'এৰিডা'

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনলৈ 'এৰিডা'


আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ্ছ এছ'চিয়েচন চমুকৈ 'এৰিডা'ই ব্যৱসায়িক ক্ষেত্ৰ আৰু বিনিয়োগৰ স্থান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰণ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ।

মধ্য এছিয়াৰ ৰাষ্ট্ৰ কিৰগিজস্তানলৈ ৰাওনা হৈছে এৰিডাৰ এটি ১৫জনীয়া প্ৰতিনিধি দল । বিছকেক চহৰত ২৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰিব অসমীয়া ডেকা দলটোৱে ।

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনলৈ 'এৰিডা'

কিৰগিজস্তান গণৰাজ্যই বিদেশী বিনিয়োগকাৰীক বিনিয়োগ কৰাৰ বাবে উৎসাহিত কৰে । মধ্য আফ্ৰিকাৰ দেশ গেবনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিনিয়োগ কৰাৰ বাবে 'এৰিডা'ৰ কেইবাখনো বুজাবুজি চুক্তি হোৱাৰ সম্ভাৱনা আছে ।

'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয়- ব্যৱসায় আৰু বিনিয়োগৰ সুগম পথ আৰু অনুকূল পৰিৱেশ সকলো স্হানতে থকাৰ প্ৰতি লক্ষ্য কৰি আমি অসমৰ বাহিৰৰ ৰাজ্যৰ লগতে বিদেশতো ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ । 

অসমীয়া ডেকাশক্তি আজি ব্যৱসায় কৰাৰ বাবে মধ্য এছিয়াৰ দেশলৈ যাব পৰা হোৱাটো অসমৰ বাবে অতি ভাল খবৰ ।

Your Comments