হাজোৰ পৰা কমলাকান্ত দাস:
"নিষ্পেষিত,বঞ্চিত,গৰিয়া,মৰিয়া,দেশীসকল আজি সৰ্ব্বদিশতে উপেক্ষিত।খিলঞ্জীয়া হৈও এই গোষ্ঠী তিনিটাক 'ডি-ভোটাৰ' সজাই হাৰাশাস্তি কৰি আহিছে।এয়া গৰিয়া,মৰিয়া, দেশীসকলৰ বাবে চৰম অপমানজনক "-এই মন্তব্য সদৌ অসম গৰিয়া,মৰিয়া,দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানৰ।সোমবাৰে বিয়লি দামপুৰ প্ৰগতি জাতীয় বিদ্যালয়ত অধ্যক্ষ আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সদৌ অসম গৰিয়া,মৰিয়া দেশী জাতীয় পৰিষদৰ এখন সভাত এই মন্তব্য কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানে।শিক্ষক মোফাচ্ছিল আলীয়ে আঁত ধৰা সভাত উপস্থিত থাকি কেন্দ্ৰীয় সম্পাদক ৰহমানে নিজৰ বক্তব্যত পুনৰ কয় যে-"গৰিয়া,মৰিয়া,দেশীৰ সুকীয়া চিনাক্তকৰণ অবিহনে কোনো গত্যন্তৰ নাই।খিলঞ্জীয়া হৈও এই তিনিটা জনগোষ্ঠী সৰ্বদিশে অৱহেলিত।২০০৬ চনৰ পৰা ১৪ বছৰে শদিয়াৰ পৰা ধুবুৰীলৈ গৰিয়া,মৰিয়া, দেশীসকলৰ বিভিন্ন দাবীৰে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছোঁ।শেহতীয়াভাৱে চৰকাৰখনে গৰিয়া,মৰিয়া, দেশীৰ যি আৰ্থ-সামাজিক জৰীপ আৰম্ভ কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰিছে,এনে পদক্ষেপৰ আমি আদৰণি জনাইছোঁ।"উল্লেখ্য যে আৰ্থ-সামাজিক জৰীপৰ কাম অহা মাৰ্চ মাহৰ ভিতৰত আৰম্ভ কৰিবলৈ দাবী জনায় । ইয়াৰ অন্যথা ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ব বুুলিও তেওঁ উল্লেখ কৰে।অঞ্চলটোৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চহিদ আলী আহমেদ,উপ-সভাপতি নাছিৰুল্লা হক পাটগিৰী,বিত্তীয় সম্পাদক জালালউদ্দিন আহমেদ,বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি মনোৱাৰ হুছেইন, কামৰূপ জিলাৰ আহ্বায়ক সমিতিৰ চামচুল হক, বাপুকন খানৰ লগতে হাজো আঞ্চলিক সমিতিৰ উপ-সভাপতি চাহিদ চান,সম্পাদক মখলিচৰ ৰহমান,সহ-সম্পাদক আনছাৰুল ইছলাম,চাজিদ মস্তাক,মিদুল হুছেইন, প্ৰচাৰ সম্পাদক মইদুল ইছ্লামেও ভাষণ প্ৰদান কৰে।ইফালে,এই সভাতে আনোৱাৰ হুছেইনক মুখ্য আহ্বায়ক হিছাপে লৈ এখন ৭ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয়।
- Log in to post comments
- 46 views