অহা ১৬ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰৱিন্দ কেজৰিৱালে।সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শপত গ্ৰহণ অনুষ্ঠানলৈ কেজৰিৱালে নিমন্ত্ৰণ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।উল্লেখ্য,দিল্লীৰ বিধানসভা নিৰ্বাচনত 'আপ'-এ জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে কেজৰিৱালক শুভেচ্ছা জনাইছিল।কেজৰিৱালে প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই দিল্লীক বিশ্বমানৰ মহানগৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত কেন্দ্ৰৰ সৈতে একেলগে কাম কৰাৰ বাবে ইচ্ছুক বুলি প্ৰকাশ কৰিছিল।
- Log in to post comments
- 20 views