কোচ ৰাজবংশী জনগোষ্ঠী কোনো কালতে দুৰ্বল নাছিল আৰু আজিও দুৰ্বল নহয় -সৰ্বানন্দ সোণোৱাল

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

আজিৰ এই পৃথিৱীত আপুনি যদি নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলগীয়া হয়, তেতিয়াহ'লে আপুনি যোগ্যতা, দক্ষতা, দৃঢ়তা, নিৰ্ভীকতা ,একাগ্ৰতা, সততা আৰু নিষ্ঠাৰে আগুৱাই যাব লাগিব ৷ তাৰ বাবে আপুনি সেইসকল মহান বীৰ-বীৰাংগনাৰ আদৰ্শৰে আপোনাৰ জীৱন গঢ়িব লাগিব, যিসকলে জীৱন কালত বিশ্বৰ বুকুত কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ মাজেদি তথা সততা, নিষ্ঠা আৰু নিৰ্ভীকতাৰ যোগেদি দৃষ্টান্তমূলক আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে ৷ সেইসকল মহান মনিষী তথা মহান ব্যক্তিৰ ভিতৰত বিশ্ব মহাবীৰ চিলাৰায় অন্যতম ৷ গতিকে বিশ্ব বীৰ চলাৰায়ৰ সতি-সন্ততি হিচাপে মই ভাবো কোচ ৰাজবংশী সম্প্ৰদায়ৰ প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী,যুৱক- যুৱতী আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এক বিংশ শতিকাৰ এই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতিযোগিতাৰ পৃথিৱীত শ্ৰেষ্ঠ জাতি হিচাপে তেঁৱৰ আদৰ্শৰে আগুৱাই যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰা উচিত ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দেওবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত বঙাইগাঁও চহৰৰ আই টি আই খেল পথাৰত উদযাপন কৰা ৫১০ সংখ্যক বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত কয় যে আজি সকলোৱে এই কথা মনত ৰাখিব লাগিব যে বিশ্ব বীৰ চিলাৰ প্ৰতি অত্যন্ত ভক্তিভাৱেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ নিমিত্তে ইয়াত সমবেত হৈছো ৷ এই গৰাকী মহান বীৰৰ বিষয়ে যেতিয়াই অধ্যয়ণ কৰো তেতিয়া মই আচৰিত হও এগৰাকী ব্যক্তিৰ ব্যক্তিত্বত ইমানখিনি গুণ থাকিব পাৰে ৷ সাহিত্যৰ পৰা আৰম্ভ কৰি যোদ্ধা হিচাপেই হওক ,শিল্পী ,প্ৰকৃতিপ্ৰেমী হিচাপেই হওক বিভিন্ন গুণৰ অধিকাৰী হ'ল বিশ্ব বীৰ চিলাৰায় ৷ সেইবাবে হয়তো বিশ্ববিখ্যাত ইতিহাসবিদ আৰ্ণল্ড টয়নবিয়ে তেওঁৰ ষ্টাডিজ অৱ হিষ্ট্ৰীত পৃথিৱীৰ যি তিনিগৰাকী বীৰক শ্ৰেষ্ঠ বীৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল সেই তিনিগৰাকী বীৰ হ'ল বিশ্ব বীৰ চিলাৰায় , ছত্ৰপতি শিৱাজী আৰু নেপ'লিয়ন বোনাৰ্পাট৷গতিকে আপুনি মই অসমীয়া সন্তান হিচাপে বিশ্ব বীৰ চিলাৰায়কলৈ অধিক গৌৰৱাম্বিত হোৱা উচিত ৷ আমি কেৱল আনুষ্ঠািকতা ৰক্ষা কৰি এইদৰে প্ৰতি বছৰে বীৰ চিলাৰায়ৰ নামত এখন সভা অনুষ্ঠিত কৰাতো মই ভাৱো আমাৰ কাম নহয় ৷ আমাৰ কাম হৈছে বিশ্ব বীৰ চিলাৰায়ৰ আদৰ্শৰে আমি আমাৰ জীৱনত কেনেদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰো ,কেনেদৰে আমি উঠি অহা ছাত্ৰ - ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি কঠোৰ পৰিশ্ৰম আৰু সাধনাত মগ্ন কৰাই ব্যক্তিত্ব নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰি তুলিব পাৰো ৷ তাৰ বাবে সকলোৱে অধিক মনোবল লৈ একাগ্ৰতাৰে ,নিষ্ঠাৰে ,নিৰ্ভীকতাৰে আমি জীৱন যুঁজত আত্ম নিয়োগ কৰা উচিত ৷ কাৰণ অসমীয়া সমাজখন যদি বিশ্ব শ্ৰেষ্ঠ সমাজ হিচাপে গঢ় দিবলগীয়া হয় ,তেতিয়াহলে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে বিশ্ব বীৰ চিলাৰায়ৰ আদৰ্শৰে সঠিত পথত অগ্ৰসৰ হৈ নিজৰ জীৱন যুঁজত সফলতা অৰ্জন কৰি জাতিটোক বিশ্বৰ বুকুত সজাই তুলিব লাগিব ৷ বিশ্ব বীৰ চিলাৰায় ,বীৰ লাচিত এইসকল মহান পৰাক্ৰমী বীৰ থাকোতে যদি আমি নিজৰ শক্তি বিশ্বৰ বুকুত প্ৰদৰ্শন কৰিব নোৱাৰো ,তেতিয়াহলে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰে ৷ খেতসকলেও আমাক আশীৰ্বাদ নিদিয়ে ৷ আমি যদি এলাহ কৰো তেতিয়াহলে কেতিয়াও দাবী কৰিব নোৱাৰো যে আমি বিশ্ব বীৰ চিলাৰায়ৰ বংশধৰ ৷ গতিকে আজিৰ এই সভাত সমবেত হোৱা ছাত্ৰ- ছাত্ৰীসকল আৰু ছাত্ৰ - ছাত্ৰীসকলৰ মাতৃ- পিতৃসকল ,পৰম শ্ৰদ্ধাৰ শিক্ষক - শিক্ষয়িত্ৰীসকলৰ লগতে সমাজৰ জ্যেষ্ঠ নাগৰিকসকললৈ মোৰ আহ্বান যে আপোনালোকে ঠিৰাং কৰিব লাগিব যে উঠি অহা চামটোক শিক্ষাৰ যোগেদি অধিক শক্তিশালী কৰি বিশ্ব জয়ৰ বাবে সুযোগ্য সন্তান হিচাপে গঢ়ি তুলিব লাগিব ৷ কোচ ৰাজবংশী জনগোষ্ঠী কোনো কালতে দুৰ্বল নাছিল আৰু আজিও দুৰ্বল নহয় ৷ কেৱল আপোনালোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কঠোৰ পৰিশ্ৰম কাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ৷ অনুষ্ঠানত ফণীভূষণ চৌধুৰীৰ বক্তব্যৰ আঁত ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক যি কোনো পৰিস্থিতিতে একেলগে থাকিবলৈ আহ্বান জনায় ৷ মিলা- প্ৰীতিৰে থাকিব ৷ কাৰণ সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয় ৷ সংঘাতত সমাজ দুৰ্বল হয় ৷ গুৰুজনাই কোৱা সেই মহৎ বাণী আমি সাৰোগত কৰি আমাৰ জীৱন গঢ়িব লাগিব ,সমাজ নিৰ্মাণ কৰিব লাগিব ৷ জাতি নিৰ্মাণ কৰিব লাগিব ৷ বৃহত্তৰ অসমীয়া জাতিটোৱে কোচ ৰাজবংশী সম্পৰদায়ৰ পৰা এইখিনি আন্তৰিকতাৰে কামনা কৰে ৷ এইখন চৰকাৰ ৰাইজৰ চৰকাৰ ৷ বৰাক- ব্ৰহ্মপুত্ৰ,পাহাৰ ভৈয়াম ,বৃহত্তৰ অসমীয়া সমাজখনৰ চৰকাৰ ৷ এইখন চৰকাত এজিপি আছে ,বিপিএফ আছে ,বিজেপি আছে ,ৰাভা আছে ,গণশক্তি আছে ,তিৱা আছে ,কাৰ্বি আছে ডিমাচাকে ধৰি অসমৰ সকলো জাতি- জনগোষ্ঠী এইখন চৰকাৰৰ অংশীদাৰ ৷ গতিকে এইখন চৰকাৰৰ গঠন প্ৰক্ৰিয়াত অসমৰ বৰাক- ব্ৰহ্মপুত্ৰ ,পাহাৰ - ভৈয়ামৰ তেত্ৰিশখন জিলাৰ সকলো সৰু- বৰ জাতি- জনগোষ্ঠীয়ে আন্তৰিকতাৰে সহযোগ আগবঢ়াইছে ৷ সেইবাবে এইখন চৰকাৰ আপোনালোকৰ চৰকাৰ ৷ এইখন চৰকাৰে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নিৰাপত্তাৰ বাবে সংকল্পবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ ৷ সেইবাবে আমি যেতিয়া ২০১৬ চনৰ মে মাহত এইখন চৰকাৰ পৰিচালনা কৰাৰ বাবে অসমৰ জনগণক সাক্ষী কৰি শপত ললো তেতিয়াৰ পৰাই নিৰন্তৰভাৱে অসমীয়া জাতিৰ সতি- সন্ততি ,সৰু- বৰ সকলো জাতি - জনজাতি ,ভাষা- ভাষী লোকক মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ নিমিত্তে প্ৰয়াস কৰি আহিছো ৷ আমি কোনো জনগোষ্ঠীকে অকলশৰীয়া কৰাৰ প্ৰচেষ্ঠা লোৱা নাই ৷ সকলোকে আস্থাত লৈছো আৰু সকলোৰে আস্থা আৰু বিশ্বাসতলৈ সকলোৰে সম উন্নয়নৰ বাবে আমি পদক্ষেপ হাতত লৈছো ৷ সেইবাবে এইখন চৰকাৰে এই কথা মৰ্মে মৰ্মে উপলবদ্ধি কৰে যে 'আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ '৷ যাৰ বাবে এইখন চৰকাৰে আৰম্ভণিৰে পৰা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটিৰ অধিকাৰৰ ক্ষেত্ৰত সজাগতা প্ৰদৰ্শন কৰিছে ৷ কেৱল সজাগতা প্ৰদৰ্শন কৰাই নহয় আমাৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে পালন কৰিছো ৷ আমাৰ কাৰ্যকালত এতিয়ালৈকে এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিছো ৷ লক্ষ্য হৈছে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ ৷অৰ্থাৎ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকেই হওক বা আন সম্প্ৰদায়ৰ লোকেই হওক সকলো খিলঞ্জীয়া ভূমিপুত্ৰই যাতে মৰ্যাদা সহকাৰে অসম ভূমিত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি জীৱন নিৰ্বাহ কৰিব পাৰে ৷ আমাৰ ভাষা,আমাৰ কৃষ্টি ,আমাৰ ৰীতি- নীতি,মান- স্বাভিমান এইখন চৰকাৰে ৰক্ষা কৰাৰ দায়িত্ব গ্ৰহণ ৰৰিছে ৷ সেইবাবে এইখন চৰকাৰে এই ক্ষেত্ৰত কোনো শক্তিৰ লগত আপোচ নকৰে ৷ আজি বিশ্ব বীৰ চিলাৰায় আৰু লাচিতৰ নামেৰে ৰাজ্যৰ হাজাৰখন কাঠৰ দলং পকীকৰণ কৰাৰ বাবে আঁচনি লৈছো ৷ ইতিমধ্যে কাম আৰম্ভ হৈছে ৷ লক্ষ্য হৈছে আমাৰ উঠি অহা ছাত্ৰ - ছাত্ৰীসকলে গম পাব লাগিব যে বিশ্ব মহাবীৰ চিলাৰায় কোন ? বীৰ লাচিত কোন ? তেখেতসকলে জীৱনকালক অসমীয়া জাতিৰ কাৰণে কি কৰি থৈ গ'ল ৷ অধ্যয়ণ কৰিব লাগিব আৰু জনাৰ আগ্ৰহ প্ৰকাশ কৰিব লাগিব ৷ জানিলেহে শিকিব ,জানিলেহে উপলবদ্ধি কৰিব পাৰিব বিশ্ব বীৰ চিলাৰায়ে জীৱিত কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ আৰু মাধৱ দেৱক শ্ৰদ্ধা সহকাৰে আশ্ৰয় দিছিল আৰু সাহিত্য ৰচনা কৰাৰ বাবে অনুৰোধ জনাইছিল ৷ সাহিত্য - সংস্কৃতিৰ চহকী ভঁৰাল গঢ় দিয়াত গুৰু দুজনাৰ প্ৰতি এইগৰাকী বিশ্ব বীৰে যি শ্ৰদ্ধা নিবেদন কৰিছিল তাৰ ফলশ্ৰুতিত আজি অসমীয়া ভাষা- সংস্কৃতি ,কৃষ্টি চহকী বুলি বিশ্বৰ বুকুত প্ৰতিয়মান হৈছ আৰু প্ৰতিষ্ঠা লাভ কৰিছে ৷ সেই বাবে মই আপোনালোকক আহ্বান জনাইছো যে সকলোৱে আগন্তুক দিনত এই অঞ্চলত ,ধুবুৰীয়ে হওক ,বঙাইগাঁৱে হওক ,গোৱালপাৰাই হওক এই বৃহত্তৰ অঞ্চলত তথা সমগ্ৰ অসমত যিমান কোচ ৰাজবংশী লোক আছে শক্তিশালী হ'ব লাগে ৷ কাৰণ কোচ ৰাজবংশী সম্প্ৰদায় শক্তিশালী হলে অসমীয়া জাতি শক্তিশালী হ'ব বুলি কয় ৷ আমি জ্ঞানী হ'ব লাগিব ৷ তেতিয়াহে শক্তিশালী হ'ম ৷ বিশ্ব জয় কৰিবলৈ সক্ষম হ'ম ৷ তেওঁ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ কথা উল্লেখ কৰি কয় যে চৰকাৰে এই পৰিষদ প্ৰৱৰ্তনৰ যি ব্যৱস্থা লৈছে ইয়াৰ জৰিয়তে আগন্তুক দিনত যাতে সমগ্ৰ অসমৰ কোচ ৰাজবশী সম্প্ৰদায়ৰ ৰাইজ যাতে ঐক্যবদ্ধ হয় তাৰ বাবে আহ্বান জনায় ৷ কাৰণ আপোনালোকে এইখন ৰাজ্য ৰক্ষা কৰিব লাগিব আৰু ৰক্ষা কৰি আছে ৷ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকল অত্যন্ত সৎ আৰু নিষ্ঠাবান ৷ আপোনালোকৰ সাধুতা,সততা, সৰলতা আৰু সহিষ্ণুতাই এইখন সমাজ সৰ্বাংগ সুন্দৰ কৰি তুলিছে ৷ বাৰে বৰণীয়া সংস্কৃতিৰে পুষ্ট এইখন কোচ ৰাজবংশী সমাজ ৷ এইখন সমাজ ৰজা নৰনাৰায়ণ ,বীৰ চিলাৰায়ক গঢ় দিয়া সমাজ ৷ এইখন সমাজ কেনেৰৈ দুৰ্বল হ'ব পাৰে ? কেৱল মৱোবলৰ অভাৱ ৷ মনোবল আহৰণ কৰিবলৈ হলে আমি শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰিব লাগিব ৷ আপোনালোক সেই দৃঢ়হতাৰে আগবাঢ়ি আহক ৷ চৰকাৰ সকলো সময়তে আপোনালোকৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব ৷ ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ সংকল্পবদ্ধ বুলি কয় ৷ ইতিবাচক দৃষ্ঠিভংগীৰে এই বিষয়টো সমাধানৰ বাবে চৰকাৰ অগ্ৰসৰ হোৱা বুলিও কয় ৷ সেয়ে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় ৷ চৰকাৰে সকলো সময়তে সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আছে আৰু কৰি যাব বুলিও কয় ৷ তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে জনতা ভৱন নামটো সৎ আৰু নিষ্ঠাবান প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই ৷ কিন্তু সেই ভৱনটো কংগ্ৰেছে জনতাৰ পৰা আবেগিকভাৱে বহু দূৰলৈ অৱস্থান কৰালে ৷ কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিচত পুনৰ জনতাৰ লগত সম্পৰ্ক শক্তিশালী কৰাৰ নিমিত্তে পুনৰ নামাকৰণ কৰিলো ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো ৷ দিছপুৰৰ ৰাজধানীত আমি তিনিটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ লৈছো ৷ এটা স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ , এটা কুমাৰ ভাস্কৰ বৰ্মনৰ আৰু আনটো হৈছে ৰজা নৰনাৰায়ণৰ ৷ তেওঁ কয় যে আন্তঃ গাঠনি নিৰ্মাণ কৰি থাকিম ৷ কিন্তু মানৱ সম্পদ নিৰ্মাণ হ'ব লাগিব ৷মানৱ সম্পদ যেতিয়ালৈকে শক্তিশালী ৰূপত নিৰ্মাণ নহয় তেতিয়ালৈকে এটা জনগোষ্ঠী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৷ উঠি অহা ছাত্ৰ - ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায় ৷ লগতে আগন্তক দিনত জনগোষ্ছাঠীটোৰ ছাত্ৰ সংগঠনকে ধৰি জনগোষ্ঠীটোৰ সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈকো আহ্বান জনায় আৰু চৰকাৰে জনগোষ্ঠীটোৰ সকলো কাম স্বাৰ্থত কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁক মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও মহাবিদ্যালত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা চৌহদ স্থাপনৰ বাবে সভাত জনোৱা অনুৰোধ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই নিব বুলি কয় ৷ ইপিনে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাক বীৰ চিলাৰায় বঁটাটো দি আনন্দিত হৈছো বুলি কৈ কয় যে এইগৰাকীও বীৰ ৷ অসমীয়া জাতীয় দীৱনৰ এগৰাকী বীৰ ৷ যিজনে নিজকে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ আগন্তুক দিনত বঙাইগাঁৱৰ পৰাও ক্ৰীড়াৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে ৷ কাৰণ পৃথিৱীত শিক্ষা ,সংস্কৃতি আৰু ক্ৰীড়া অৰ্থাৎ এই তিনি শক্তিক একাকাৰ কৰি যদি সমাজখন আগুৱাই নিব পাৰো তেতিয়াহলে অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম উল্লেখ্য যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণি ভাষণ ৰখা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই নিজৰ ভাষণত কয় যে কোচ ৰাজ্যৰ ইতিহাস মানেই হ'ল ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ ইতিহাস ৷ বীৰ চিলাৰায়ৰ উদ্যোগতে অসমত ধৰ্মীয় পৰম্পৰা, সমাজ জীৱন, সংগীত, কলা আদি দিশত নতুন যুগৰ সূচনা হৈছিল ৷ সেয়ে বীৰ চিলাৰায়ৰ দেশপ্ৰেম, আদৰ্শ, কৃতি জীয়াই ৰখাৰ বাবে অসমবাসীৰ প্ৰয়োজন ৷ আমি বীৰ চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব ৷ আনহাতে অসমৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই নিজৰ ভাষণত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰি কয় যে ইতিমধ্যে ৰাজ্য সভাত জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হৈছে ৷ এই বিধেয়কখন ৰাজ্য সভাত অহাৰ লগে লগে দিল্লীৰ চৰকাৰে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে যে জাতি- জনজাতিৰ বাবে কিমান শতাংশ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব সেয়া নিৰ্দ্ধাৰণ কৰি দিব লাগে ৷ তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু মন্ত্ৰী গোট গঠন কৰি দিছে ৷ মন্ত্ৰী গোটত দুজন সদস্যৰ পদ খালী হোৱাত সেয়া পুৰণ কৰা হৈছে ৷ প্ৰথম পৰ্যাত সকলোৰে পৰা পৰামৰ্শ লোৱাৰ বাবে সভা অনুষ্ঠিত হৈ গৈছে ৷ বৰ্তমানৰ জনজাতিসকলৰ সংৰক্ষণৰ বিষয়টো কি হ'ব আৰু নতুনকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থাটো কি হ'ব ৷ অহা ১৫ ফেব্ৰুৱাৰীৰ পিছত শেষ পৰ্যায়ৰ সভা হ'ব আৰু ইয়াত ছয় জনগোষ্ঠী, বৰ্তমানৰ জনজাতি, সাহিত্য সভা আদি সকলোকে আমন্ত্ৰণ জনোৱা হ'ব ৷ তাৰ পিছত মন্ত্ৰী গোটে সিদ্ধান্ত গ্ৰহণ কপি দিল্লীলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব ৷ আমি বিচাৰিছো যে যাতে জনজাতিকৰণ হোৱাৰ পিছত কোনেও তাক আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰে ৷ সেয়ে অচিৰেই জনজাতিকৰণৰ বিষয়টো সমাধান হ'ব ৷ সেইদৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন সন্দৰ্ভত কয় যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজনৈতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশৰ লগতে জনগোষ্ঠী বিভিন্ন ক্ষেত্ৰত নিৰাপত্তা দিবৰ বাবে কেবিনেটত প্ৰস্তাৱ লোৱা হৈছে ৷ অহা মাৰ্চ মাহৰ বাজেট অধিৱেশনৰ সময়তে যাৱতীয় কাম কৰি এপ্ৰিল মাহৰ ভিতৰত সকলো সম্পূৰ্ণ কৰা হ'ব ৷ এই পৰিষদখন অধিক ক্ষমতাপূূৰ্ণ ৰাজনৈতিক স্বায়ত্ব শাসিত পৰিষদ হ'ব বুলিও কয় ৷ এই পৰিষদখনে শিক্ষা, ভূমিৰ ক্ষেত্ৰত, আন্তঃগাঠনিৰ ক্ষেত্ৰত সম্পূৰ্ণ ক্ষমতা পাব ৷ এই ক্ষমতা পালে জাতি গঠন প্ৰক্ৰিয়া, অৰ্থনৈতিক, কলা- কৃষ্টি, আন্তঃগাঠনি সকলো সুবিধা পাব ৷ তেওঁ বঙাইগাঁৱত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এটা চৌহদ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷ ইপিনে স্থানীয় বিধায়ক তথা ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে আজি আমি বৰ্তমানৰ চৰকাৰৰ তৎপৰতাত আৰু আগ্ৰহত এই চৰকাৰখন অহাৰ পৰাই বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম দিৱসটো কেন্দ্ৰীয়ভাৱে উদযাপন কৰি আহিছে ৷ কিন্তু ইয়াৰ পূৰ্বৰ চৰকাৰৰ দিনত এইদৰে চিলাৰায় দিৱস পতা নাছিল ৷ এইখনেই চৰকাৰ যিখন চৰকাৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ নামটো চিৰস্মৰণীয় কৰি ৰখাৰ বাবে চিলাৰায় বঁটা প্ৰদান কৰি আহিছে ৷ তেওঁ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক উদ্দেশ্যি কয় যে বিশ্ব নৃমহাবীৰ চিলাৰায়ে আমাক ভাগ ভাগ হৈ থাকিবলৈ দিয়া নাছিল ৷ চিলাৰায় দিৱস পাতিছো কিন্তু সকলোৱে ভাগলভাগ হৈ পাতিছো ৷ আমাৰ মনৰ বিভেদ আছে আৰু অমিল আছে ৷ এটা জাতিক চৰকাৰে তেতিয়াহে গুৰুত্ব দিব যেতিয়া জাতিটো একত্ৰিত আৰু ঐক্যবদ্ধ হৈ থাকিব ৷ জাতি এটা ভাগ ভাগ হৈ থাকিলে কেতিয়াও কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰে ৷ মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা জাতীয় সংগঠনসমূহক ঐক্যবদ্ধ হ'ৱলৈ আহ্বান জনাই কয় যে নেতৃত্ব কোনে ল'ব সেয়া ডাঙৰ কথা নহয় ৷ জাতিটো উদ্ধাৰ হ'ব লাগে ৷ সমস্যাসমূহ সমাধান হ'ব লাগিব ৷ তেওঁ জনগোষ্ঠীটোৰ কলা- সংস্কৃটিসমূহ জীয়াই ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বঙাইগাঁৱত বিশ্ববিদ্যালয় চৌহদ স্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷ মন্ত্ৰীগৰাকীয়ে লগতে কোচ ৰাজবংশী উন্নয়ন পৰিষদখনো চলি থাকিব বুলি কয় ৷ এই অনুষ্ঠানতে অৰ্জুন ভোগেশ্বৰ বৰুৱাক মুখ্যমন্ত্ৰীগৰাকীয়ে ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটা প্ৰদান কৰে ৷ বঁটা হিচাপে এখন প্ৰশস্তি পত্ৰ, শৰাই ,অংগ বস্ত্ৰ আৰু তিনি লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণত তেওঁ এই বঁটা প্ৰদানৰ বাবে নিৰ্বাচকমণ্ডলী আৰু উদ্যোক্তাসকলক ধন্যবাদ জনায় ৷ লগতে বঙাইগাঁৱৰ সৈতে তেওঁৰ নিবিড় সম্পৰ্ক থকাৰ কথা কৈ বঙাইগাঁওবাসীয়ে তেওঁক স্থানীয় খেলুৱৈতকৈ অধিক মৰম তথা সন্মান দিয়া বুলি কয় ৷ অনুষ্ঠানত চিলাৰায় দিৱস উপলক্ষে প্ৰকাশ কপি উলিওৱা ' সংগ্ৰাম সিংহ' শীৰ্ষক স্মৰণিকাখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ বাঁশ নৃত্য প্ৰদৰ্শিত হয় ৷ সেইদৰে অনুষ্ঠানৰ পূৰ্বেও বাঁশ নৃত্য, কুশান, হুদুম, গোৱালীনী আদি নৃত্যৰ লগতে শিল্পীৰ দ্বাৰা গীত- মাত পৰিৱেশিত হয় ৷ বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী, বিধায়ক অনন্ত কুমাৰ মালো, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, জিলা উপায়ুক্ত ডাঃ সদনেক সিং, অসম ৰাজ্যক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, ৰাজ পৰিয়ালৰ সদস্য প্ৰণৱ নাৰায়ণ দেৱ, আক্ৰাছুৰ দুই গোটৰ সভাপতি ক্ৰমে কৰ্মেশ্বৰ ৰায়, অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক জীৱেশ ৰায়, গোকুল বৰ্মন, কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, কোচ ৰাজবংশী জাতীয় মঞ্চৰ সভাপতি বিমল বৰ্মন, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, সদৌ কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় , জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইপিনে পুৱাৰ ভাগত বিভিন্ন সংগঠনৰ নেতৃত্বই নিজ নিজ সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে ৷ জিলা উপায়ুক্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠান অসম সংগীতেৰে সামৰণি পৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক কোচ ৰাজবংশী সংগঠনসমূহৰ লগতে অগপ আৰু বিজেপি দলৰ পৰা সম্বৰ্ধনা জনোৱাও হয় ৷

Your Comments