বঙাইগাঁৱত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বীৰ চিলাৰায় দিৱসৰ আয়োজন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত দেওবাৰে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত আইটিআই খেলপথাৰত ৫১০ সংখ্যক বীৰ চিলাৰায় দিৱস উদযাপিত হ'ব ৷ ইতিমধ্যে জিলা প্ৰশাসনে চিলাৰায় দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ দিনৰ ১২ বজাত অনুষ্ঠিত হ'বলগীয়া চিলাৰায় দিৱসৰ এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ এই অনুষ্ঠানতে ৰাজ্যৰ প্ৰবীণ ক্ৰীড়াবিদ তথা অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাক ২০১৯ বৰ্ষৰ 'বীৰ চিলাৰায় বঁটা'ৰে সন্মানিত কৰা হ'ব ৷ অনুষ্ঠানত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই সন্মানীয় অতিথি আৰু পূব বিলাসীপাৰা বিধান সভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ বিধান সভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।ইফালে,চিলাৰায় দিৱসৰ অনুষ্ঠান সফল কৰি তুলিবলৈ ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন ৷


 

Your Comments