বিশৃংখলতাৰ মাজেৰেই সামৰণি পৰিল অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন, উকা হৈ পৰিল জ্যোতিক্ষেত্ৰ

Sahity sava

শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্ৰতিবেদন:

অসমীয়াৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন কামৰূপ জিলাৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰত যোৱা ৩০ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ  অনুষ্ঠিত হৈছিল ৷বস্ত্ৰ নগৰী শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰ জ্যোতি ক্ষেত্ৰত ৪০ বছৰৰ পাছত সাহিত্য প্ৰেমী ৰাইজৰ পৰম প্ৰত্যাশাৰে আৰম্ভ হোৱা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনখন চৰম বিতৰ্কৰ মাজেৰে সামৰণি পৰিল ৷ বাৰেপাচি ভুলৰে প্ৰকাশ হ’ল স্মৃতি গ্ৰন্থ " শুৱালকুছি জ্যোতি "।বহু কেইখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিমন্ত্ৰিত ব্যক্তি অনুপস্থিত তথা নিমন্ত্ৰণ নোপোৱা আদি বিতৰ্কৰ লগতে অধিৱেশনস্থলীত বাহ্যিকতাৰ পয়োভৰ আনন্দমেলা , বাণিজ্য মেলা বহিঃৰাজ্যৰ ব্যৱসায়ীৰ দপদপনি আদি সকলোবোৰে দৃষ্টিগোচৰ হ’ল অধিৱেশনৰ পাঁচোটা দিনত ৷ অসমৰ জাতীয় অনুষ্ঠানৰ মজিয়াত অসমবাসীৰ বাবে এইয়া আছিল এক অভাৱনীয় ঘটনা ৷ অন্তত অসমীয়া ভাষা সাহিত্যৰ দুৰ্যোগৰ দিনত অসম সাহিত্য সভাৰ শেহতীয়া অধিৱেশনৰ পৰা জনতাৰ প্ৰত্যাশা বহুত আছিল ৷  কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছৰে পৰা এই প্ৰত্যাশা কেইবাগুণে বাঢ়িছিল  ৷ কিন্তু অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত দেখা গল ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য ৷ বিশেষকৈ শুৱালকুছি অধিৱেশনৰ উপলক্ষত প্ৰকাশ পোৱা " শুৱালকুছি জ্যোতি " শীৰ্ষক  স্মৃতিগ্ৰন্থ খনতে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে অসম সাহিত্য সভাই ৷ আনকি অসমৰ মূখ্যমন্ত্ৰী , সাহিত্য সভাৰ বিদায়ী সভাপতি গৰাকীৰ নামটোৱে ভূলকৈ ছপা হ’ল ৷ আদৰণি সমিতিৰ মূখ্য পৃষ্ঠপোষকৰ দায়িত্বত আছিল মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কিন্তু স্মৃতিগ্ৰন্থত তেওঁৰ নামটো প্ৰকাশ পালে সৰ্বাননন্দ সোণোৱাল হিচাপে ৷ সেইদৰে পৃষ্ঠপোষক তথা হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নাম হ’লগৈ চুমন হৰিপ্ৰিয়া ৷ আনকি আদৰণি সমিতিৰ মূখ্য উপদেষ্টা তথা অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীৰ নাম প্ৰকাশ পালে পৰমাননন্দ ৰাজবংশী হিচাপে ৷ সমিতিৰ আন এগৰাকী পৃষ্ঠপোষক কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাক পৰিচয় কৰাই দিয়া হ’ল বিধায়িক হিচাপে ৷ আনহাতে "অসম সাহিত্য সভাৰ বাৰ্তা" নামৰ পত্ৰিকাখনত পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ আয়োজক জ্যোতি সাহিত্য সভাৰ ঠিকনাটো কামৰূপ জিলা পৰিৱৰ্তে নলবাৰী জিলা বুলি প্ৰকাশ হৈছে ৷ অসমীয়া ভাষা - সাহিত্যৰ অভিভাৱক সংগঠনটোৰ স্মৃতি গ্ৰন্থত এনে বানান ভুল স্বাভাৱিকতে এক অক্ষমণীয় অপৰাধ হিচাপে বিবেচিত হৈছে ৷ কেৱল তাতেই সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ কীৰ্তিবোৰ শেষ ন’হল ৷ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত সাহিত্য চৰ্চাত কৈ  বাণিজ্য মেলা - আনন্দ মেলাইহে বেছি গুৰুত্ব পালে ৷ অসম সাহিত্য সভাত মুনাফা লুটাৰ প্ৰতিযোগিতাত দলেবলে নামি পৰিল বহিঃৰাজ্যৰ ব্যৱসায়ীৰ দল ৷ থলুৱা শিল্পৰ কোনো এটা স্থানতে সমাদৰ দেখা নগল ৷ এনেদৰেই জাতীয় চিন্তা চৰ্চাক একাষৰীয়া কৰি সস্তীয়া মনোৰঞ্জনৰহে পূৰ্ণ পয়োভৰ ঘটিল অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত ৷ সীমাহীন ধন অপচয় কৰা আদৰণি সমিতিখনে কেইবাগৰাকীও প্ৰাক্তন সাহিত্য সভাৰ সভাপতিক নিমন্ত্ৰণ জনাবলৈকে পাহৰি গ’ল ৷নিমন্ত্ৰণ লাভ নকৰি আক্ষেপো প্ৰকাশ কৰিলে সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে ৷ আনহতে , অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপসভাপতি মৃণালিনী দেৱীয়ে এই ভুল ক্ৰটিৰ সন্দৰ্ভত কয় যে অসমীয়া ভাষা সাহিত্য সংস্কৃতি শুদ্ধ ৰূপত পৰিৱেশনৰ বাবে অসম সাহিত্য সভা দায়বদ্ধ ৷ ইফালে ৪০ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত বিভিন্ন ক্ৰটি - বিচ্যুতি থাকিলেও সাহিত্য প্ৰেমীসকলক বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহ্যই বিশেষভাৱে আপ্লুত কৰে। আনহাতে সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে অধিৱেশন সাফল্যমণ্ডিত কৰাৰ অন্যতম ব্যক্তি হিচাপে বাৰে নাম উচ্চাৰণ কৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধিৱেশনত অনুপস্থিত থকা ঘটনাইয়ো বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে ইয়াক লৈ আদৰণি সমিতিৰ ভিতৰচ'ৰাত কিছু খেলিমেলি হোৱাৰ খবৰো ওলাইছে। সাহিত্য সভাৰ ৰাজকীয় আয়োজনেৰে অনুষ্ঠিত অধিৱেশনখন বাহ্যিকভাৱে সৰ্বাংগসুন্দৰ বুলি বিবেচিত হৈছে যদিও অধিৱেশনত বাণিজ্য মেলা আৰু আনন্দ মেলাৰ বাহিৰে সাহিত্য অনুষ্ঠান সমুহত সাহিত্য প্ৰেমীৰ সেৰেঙা উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ মেলাবোৰ বেছি হ’ল সেয়েহে মেলাবোৰত মানুহ বেছি হ’ল ৷ সাহিত্য সভাৰ গাম্ভীৰ্যতা আৰু গৰিমা এই মেলাবোৰে ম্লান কৰিছে বুলি একাংশ সাহিত্য প্ৰেমীয়ে ৰাইজে মন্তব্য  কৰা পৰিলক্ষিত হ'ল।
আনহাতে , সকলোবোৰ ব্যৱস্থাপনাতে চৰকাৰী পৃষ্ঠপোষকতা থকাৰ পিছতো প্ৰতিনিধি সকলৰ থকাৰ বাবে কৰা ঢালাইৰ ব্যৱস্থাটো কৌটিটকীয়া মঞ্চ গৃহৰ লগত খাপ নাখালে বুলিও একাংশ প্ৰতিনিধি চ’চিয়েল মিডিয়াত সৰৱ হোৱা দেখা যায় ৷
জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে সাহিত্য সভাৰ অন্তিমটো দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি গীত পৰিবেশনৰ মাজতে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গেয়ো এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে মোদী চৰকাৰে অসমীয়া ভাষা শিকিলেহে বুজিব পাৰিব অসমীয়াৰ আবেগ। অনুষ্ঠানত গীত পৰিৱেশন কৰি  জুবিন গাৰ্গে নিজৰ ভাষাতো সহজতে এৰি আনৰ ভাষা আয়ত্ত কৰিব নালাগে বুলিও মন্তব্য কৰে। আনহাতে ৩ফ্ৰেব্ৰুৱাৰীৰত শুৱালকুছিৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ কৈলাস খেৰক নিমন্ত্ৰণ কৰাক লৈয়ো  অসম সাহিত্য সভা বিতৰ্কত সোমাই পৰা পৰিলক্ষিত হয়। 
ইফালে আদৰণি সমিতিৰ একাংশই প্ৰতিনিধি তথা সাহিত্য প্ৰেমী ৰাইজক দুব্যৱহাৰ কৰা বুলিও একাংশ সাহিত্য প্ৰেমীয়ে অভিযোগ কৰে ৷

Your Comments