মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লোৱা দুই কণমানি ঈশান গোস্বামী আৰু ইবন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি।দুই কণমানিৰ আত্মাৰ সদ্গতি কামনা কৰি মহানগৰীত বন্তি আৰু মম জ্বলাই শ্ৰদ্ধাঞ্জলি ৰাইজৰ।
উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত মহানগৰীৰ ৱায়াৰলেছ বশিষ্ঠপুৰৰ ১ নম্বৰ উপ-পথৰ তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছিল গোস্বামী দম্পত্তিৰ দুই কণমানি সন্তান ক্ৰমে ঈশান গোস্বামী(৪) আৰু ইবন গোস্বামী(৭)য়ে।মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমি কণমানি ছাত্ৰ দুজন ঘৰত আইতাকৰ লগত থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছিল।
- Log in to post comments
- 16 views