অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে দলটোৰ পৰা বিধায়ক হৈ আছে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু জ্যেষ্ঠ নেতা তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী।দুয়োগৰাকী নেতাই অগপৰ জন্মলগ্নৰে পৰা ধাৰাবাহিকভাৱে বৰ্তমান সময়লৈকে সাতবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে।দলটোৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাই বুধবাৰে বিধায়ক হিচাপে পূৰ্ণ কৰিছে ৩৫ বছৰ।
উল্লেখ্য যে দলটোৰ পৰা ধাৰাবাহিকভাৱে বিধায়ক হিচাপে ৩৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আমবাৰীত দলৰ কাৰ্যালয়ত সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাসহ কেন্দ্ৰীয় নেতৃত্বই বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক গামোচা,চেলেং আৰু ফুলৰ তোৰাৰে সম্বৰ্ধনা জনায়।কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক জনোৱা নহ'ল কোনো শুভেচ্ছা।প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তয়ো দলৰ পৰা বিধায়ক হিচাপে ৩৫বছৰ সম্পূৰ্ণ কৰিলে বুলি কোনো কথা উল্লেখ নকৰিলে দলটোৰ নেতৃত্বই।
গুৱাহাটী মহানগৰ জিলা সমিতিৰ পুনৰ গঠন কৰাৰ বাবে বুধবাৰে কাৰ্যলয়ত অনুষ্ঠিত কৰা হৈছিল বৈঠক।উক্ত বৈঠকতে চৌধুৰীক জনোৱা হয় সম্বৰ্ধনা।
- Log in to post comments
- 81 views