নলবাৰীৰ পৰা হেমন্ত কলিতা:
নতুন বছৰৰ প্ৰথম দিনটোতে সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা দেখুওৱা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী 'আছু' আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ছাত্ৰকৰ্মীসকলক অসম আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। গণতান্ত্ৰিকভাৱে ক'লা পতাকা প্ৰদৰ্শন কৰা শান্তিপূৰ্ণ ছাত্ৰ কৰ্মীসকলক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিক ফাঁচী দিয়ে। নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই সোণোৱালৰ প্ৰতিকৃতি ফাঁচী দি ‘জাতীয় নায়ক হায় হায়’, ‘কা আমি নামানো’ শ্লোগান দিয়ে। উল্লেখযোগ্য যে, ১ জানুৱাৰীত মুখ্যমন্ত্ৰী সোণোৱালে নলবাৰী হৈ সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত ৰাস্তাত আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল। ছাত্ৰকৰ্মীসকলৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে কৰ্তব্যৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক খেদি খেদি প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন বেজবৰুৱা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়।
- Log in to post comments
- 21 views