নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰাণুমাই টেৰনপিৰ বাসগৃহত আজি অপৰাধ অনুসন্ধান বিভাগ আৰু চানমাৰি আৰক্ষীয়ে অভিযান চলায় ৷
অভিযানত অবৈধভাৱে মজুত কৰি ৰখা বহু পেকেট কম্বল, সূতা আৰু স্কুল বেগ জব্দ কৰে টেৰনপিৰ ঘৰত ৷
অপৰাধ বিভাগে বৰ্তমান নিজৰ জিম্মাত লৈছে সামগ্ৰীসমূহ ৷ উল্লেখ্য যে উপ-সভানেত্ৰীগৰাকীয়ে কোনো কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ নিজৰ বাসগৃহত মজুত ৰাখিছিল সামগ্ৰীখিনি ৷
ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈছে ৰাণুমাই টেৰনপিৰ বিৰুদ্ধে ৷ বৰ্তমান পলাতক হৈ আছে উপ-সভানেত্ৰী ৰাণুমাই টেৰনপি ৷
- Log in to post comments
- 8 views