জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে।বুধবাৰে আইনখন বাতিলৰ দাবীত লতাশিলত 'আছু'ৰ উদ্যোগত পুনৰ ৰূপায়ণ কৰা হ'ব 'ৰং-তুলিকা আৰু কবিতাৰে' প্ৰতিবাদী কাৰ্যসূচী।বুধবাৰে বৰদিনৰ প্ৰাৰ্থনাৰ পিছতে দিনৰ ১১ বজাৰ পৰা লতাশিলত সমাৱেশ ঘটিব ভাস্কৰ্য-শিল্পী,চিত্ৰকৰ, আবৃত্তিকাৰ প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল।
উল্লেখ্য যে ইতিমধ্যে আছুৰ উদ্যোগত 'কা' বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহাসিক লতাশিল খেলপথাৰত মহিলা সমাৱেশ, নাগৰিক সমাৱেশৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যখনৰ চিত্ৰশিল্পীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ শিল্পীসকল।সকলোৱে 'কা' বাতিলৰ দাবীত জাতিক উদ্বুদ্ধ কৰিব পৰা ছবিৰ জৰিয়তে প্ৰকাশ কৰিব মনৰ ক্ষোভ।একেদৰে কবিসকলেও কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব তেওঁলোকৰ মনৰ ক্ষোভসমূহ।
- Log in to post comments
- 18 views