বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত ক'লা বেজ পৰিধান কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থী।উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰ হিচাপে পৰিচিত বিশ্ববিদ্যালয়খনত সোমবাৰে আছিল স্নাতকোত্তৰ পৰীক্ষা। পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সমান্তৰালকৈ 'কা'ৰ বিৰোধিতা কৰি প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীয়ে ক'লা বেজ পৰিধান কৰি "কাৰ আমি বিৰোধিতা কৰোঁ" লিখা বেজ লগাই আহে।উল্লখ্য যে 'কা' বিৰোধী আন্দোলনত ছাত্ৰ সমাজ জড়িত হৈ পৰাত কৰ্তৃপক্ষই পূৰ্বতে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা বাতিল কৰিব লগা হৈছিল।তাৰ পিছত সেই বাতিল কৰা পৰীক্ষাসমূহ পুনৰ কালিৰে পৰা আৰম্ভ হৈছে। ইফালে বিশ্ববিদ্যালয়খনৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়তো 'কা' বিৰোধী আন্দোলনক আগবঢ়াই নিয়া কাৰ্যৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই।ছাত্ৰ সমাজক ধন্যবাদ জনায়।'আছু'ৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'আমাৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব আৰু পঢ়িব।সেই কথাতো পুনৰ প্ৰমাণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলে। পৰীক্ষাৰ দিবলৈ আহোঁতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰিছে।ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ নাই।
- Log in to post comments
- 25 views