নগাঁৱৰ পৰা ৱাহিদুদ জামান:
কলঙৰ বাকৰিৰ নেহৰুবালিত সোমবাৰে বিয়লি পৰিৱেশ, শিক্ষা আৰু গৱেষণা সংগঠন 'আৰণ্যক'ৰ উদ্যোগত 'ব্ৰহ্মপুত্ৰঃঅসমৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঞান চৰ্চাত ব্ৰহ্মপুত্ৰৰ গুৰুত্ব' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনাচক্ৰখনত ভাষণ দি গুৱাহাটী আইআইটিৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই কয়-'ব্ৰহ্মপুত্ৰৰ ৪ শতাংশ পানীও ৰাইজৰ কামত ব্যৱহাৰ কৰা হোৱা নাই। বতৰ পৰিৱৰ্তনৰ ফলত ব্ৰহ্মপুত্ৰৰ ওপৰত কি প্ৰভাৱ হ'ব,সেয়া অধ্যয়ন কৰিবলৈ পাৰিলে চিৰদিনলৈ এই নদীখন সুষমভাৱে বোৱাই নিব পৰা যাব । আলোচনাচক্ৰত সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই কয়-'সৰুতে খৰালি আৰু বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ বিচিত্ৰ ৰূপে মোক শিহৰিত কৰিছিল। নমামী ব্ৰহ্মপুত্ৰৰ নামত চৰকাৰে খৰচ কৰা টকাৰে এটা শিবিৰ পতা হ'লে বানৰ সময়ত মানুহক ৰক্ষা কৰিব পৰা গ'লহেঁতেন। ব্ৰহ্মপুত্ৰৰ লগত গঙ্গাৰ চৰিত্ৰ নিমিলে। গতিকে তাত নমামী পাতিলে একো ক্ষতি নহয়। আগতে ব্ৰহ্মপুত্ৰ মোৰ বাবে আছিল এখন চিৰচৰিত নদী। বাকী কথা জনা নাছিলো । মাহেকীয়া আলোচনী 'বিষ্ময়'ৰ পাতত মাণিক বৰাৰ উপন্যাস- 'বৈৰগী বিহংগ'ৰ মাজেৰে মোৰ মানসপটত ব্ৰহ্মপুত্ৰক দেখা পাইছিলো। ব্ৰহ্মপুত্ৰক বাদ দি কোনো সাহিত্য সৃষ্টি হ'ব নোৱাৰে। কালিকা পুৰাণতেই প্ৰথম ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰা হৈছিল। তেওঁ কয়-'আমি বৃক্ষৰোপণত অধিক গুৰুত্ব দিব লাগিব। তেতিয়াহে নৈৰ খহনীয়া ৰোধ হ'ব। ব্ৰহ্মপুত্ৰৰ সভ্যতা অতি প্ৰাচীন। এই নদীক বাদ দি অসমীয়া মানুহ জীয়াই থাকিবলৈ নোৱাৰে। আলোচনাচক্ৰত বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে কয়-'ব্ৰহ্মপুত্ৰৰ বিষয়ে আমি প্ৰচাৰ নকৰো। আমি ভাবো ব্ৰহ্মপুত্ৰ কেৱল আমাৰ। কিন্তু নদীখনে তেনেকৈ নাভাবে। ব্ৰহ্মপুত্ৰৰ যাত্ৰাপথৰ এটা অংশৰহে আমি অংশীদাৰ। ব্ৰহ্মপুত্ৰৰ বিশেষত্ব এয়ে যে আটাইকেইটা দিশলৈ বৈ যোৱা পৃথিবীৰ একমাত্ৰ নদী। ব্ৰহ্মপুত্ৰ আমাৰ বন্ধুও নহয়, শত্ৰুও নহয়। ব্ৰহ্মপুত্ৰৰ আমাৰ ওপৰত অভিভাৱকত্ব আছে । তেওঁ কয়-'ব্ৰহ্মপুত্ৰ, কাজিৰঙা, গঁড়, কামাখ্যা মন্দিৰ, চাহ-অসমৰ পাঁচটা গৌৰৱৰ বিষয়ৰ ওপৰত আমাৰ কিতাপ নাই । ব্ৰহ্মপুত্ৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ক এখন গুৰুত্বপূৰ্ণ নদী।'গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰখনৰ আঁত ধৰে 'আৰণ্যক'ৰ পাৰ্থ দাসে। এই অনুষ্ঠানতে লিখক সুৰেন বৰাৰ গল্প সংকলন ' মই ভালে আছো' গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমালোচক প্ৰভাত বৰাই।
- Log in to post comments
- 44 views