'কেৱল ৬নং দফা নহয়,অসম চুক্তিখনেই অসমৰ খিলঞ্জীয়াৰ বাবে আত্মা'-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Pic

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পোনপটীয়া প্ৰত্যুত্তৰ  দিছে সদৌ অসম ছাত্ৰ সন্থাই।ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীৰ ভাষ্যত উভতি ধৰি কয়-"মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিছা কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভ্ৰান্ত কৰা সুৰ একে হৈছে।" 

মুখ্যমন্ত্ৰী সোণোৱালে নতুন বিদেশী নাহে, যুগ যুগ ধৰি থকাসকলেহে লাভ কৰিব নাগৰিকত্ব বুলি কোৱা প্ৰসংগক আঁত ধৰি ভট্টাচাৰ্যই কয়-"মুখ্যমন্ত্ৰীয়ে এই কথা কৈ অসম চুক্তিক উলংঘা কৰিছে।কাৰণ, অসম চুক্তিয়ে ১৯৭১ চনৰ পিছত কোনো বিদেশী গ্ৰহণ নকৰাৰ কথা কৈছে,কিন্তু  'কা'য়ে কৈছে ২০১৪ চনলৈকে অহা বিদেশীৰ বোজা গ্ৰহণ কৰিব।অৰ্থাৎ ৪৩ বছৰ ধৰি থকা বিদেশীক ইয়াত ৰাখিব।মুখ্যমন্ত্ৰীৰ এনে কথাই অসমলৈ বিদেশীক অহাত উৎসাহিত কৰিব।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ ভাষ্যই  প্ৰমাণ কৰিছে অসমত যে বিদেশী আছে আৰু সেই থকা বিদেশীক তেওঁলোকে ৰাখিব।'

'কা'ৰ জৰিয়তে নিচেই তাকৰ মানুহ আহিব,পূৰ্বতে কৈছিল নগণ্য মানুহ আহিব।ইয়াৰ উপৰিও এজন মন্ত্ৰীয়ে কৈছে মাত্ৰ পাঁচ লাখ মানুহ আহিব-সেই প্ৰসংগত ভট্টাচাৰ্যই কয়-'৭১চনৰ পিছত অহা এজনো বিদেশীৰ বোজা কোনো কাৰণতে আমি নলওঁ।'

"কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত ইতিমধ্যে চৰকাৰৰ নথিপত্ৰৰ ওপৰত ভিত্তি কৰি কৈ গৈছে অসমত ৫০লাখ বিদেশী আছে। সেই তথ্যৰ এটা শূন্য ৰাজ্য চৰকাৰে কাটি দিছে আৰু কৈ আছে তাকৰ।যদি তাকৰেই হয়,'কা' নালাগে আৰু সেই তাকৰখিনিক প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক কৈ গুজৰাটলৈ পঠিওৱাৰ ব্যৱস্থা কৰক"-ডক্টৰ ভট্টাচাৰ্যই কয়।

"ইফালে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থকা আৰু ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাবে যদি 'কা' বেয়া,তেন্তে অসমৰ বাকী অঞ্চলৰ বাবে কেনেকৈ ভাল হ'ল।অসমৰ ৭খন জিলা বাবে যদি 'কা' বেয়া,২৬খন জিলাৰ বাবে কা কেনেকৈ ভাল হ'ল"- ভট্টাচাৰ্যৰ মুকলি প্ৰশ্ন  সোণোৱাললৈ।লগতে কাৰ পৰা ৰেহাই দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰেহাই  বিদেশীসকল অসমলৈ আহিব বুলি ভট্টাচাৰ্য কয়-'অসমখন বিদেশী চৰণীয়া পথাৰ হ'ব।'

অসম চুক্তিৰ ৬নং দফাক সোণোৱালে আত্মা বুলি কোৱা প্ৰসংগক আঁত ধৰি ভট্টাচাৰ্যই কয়-'অসম চুক্তিখনেই অসমৰ খিলঞ্জীয়াৰ  বাবে আত্মা।অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় দফাটোৱে হ'ল ৫নং দফা।য'ত আছে '৭১চনৰ পিছত অহা কোনো বিদেশী থাকিব নোৱাৰিব।কিন্তু কায়ে অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় ৫নং দফা উলংঘন কৰিছে,সেই বাবে কাৰ বিৰোধিতা কৰা হৈছে।'ইফালে,৬নং দফা আমাক লাগিব বুলি উল্লেখ কৰি তেওঁ আৰু কয়-'কাৰণ '৫১-৭১লৈকে আমি বিদেশীৰ বোজা লৈছোঁ।তাৰ বাবে সাংবিধানিক ৰক্ষা কৱচ।'৭১-২০১৪ চনলৈকে ৪৩ বছৰীয়া বোজা লোৱা বাবে ৬নং দফা নহয়।'

ইফালে চৰকাৰক সতৰ্ক কৰি ভট্টাচাৰ্যই কয়-"সাংবিধানিক ৰক্ষা কৱচক লৈ কাৰ কেতিয়াও দৰ-দাম হ'ব নোৱাৰে"।

বাংলাদেশীক ৰাখি অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান কৰাটো এটা অদ্ভুত ফৰ্মূলা।আন্দোলনকাৰীসকলে ছাত্ৰ-ছাত্ৰী তথা ৰাইজক ভুল তথ্য দি বিভ্ৰান্ত কৰি শত্ৰুতা কৰা বুলি কোৱা যুক্তিক উভতি ধৰি ভট্টাচাৰ্যই কয়-"এনেধৰণৰ মিছা কথাৰে ৰাইজক বিভ্ৰান্ত কৰি অপৰাধ কৰা হৈছে।"

"অবৈধ বাংলাদেশীৰ ৰক্ষক,অসম চুক্তিক উলংঘা কৰা,খিলঞ্জীয়া বিৰোধী,অ-সাংবিধানিক নাগৰিকত্ব সংশোধনী আইন ২০১৯বাতিল নোহোৱালৈকে অহিংস-গণতান্ত্ৰিক আৰু শৃংখলাবদ্ধ সংগ্রাম অব্যাহত থাকিব"-ভট্টাচাৰ্যই স্পষ্টভাৱে উল্লেখ কৰে।

Your Comments