ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈ অসম চৰকাৰে জনোৱা পুনৰীক্ষণ আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।উল্লেখ্য যে অসম চৰকাৰে সন্ধিয়া পাঁচ বজাৰ পৰা পুৱা ছয় বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ বাবে পুনৰীক্ষণৰ আবেদন কৰিছিল শুকুৰবাৰে।কিন্তু ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰি ইণ্টাৰনেট সেৱা খুলি ৰখাৰ বাবে পূৰ্বে দিয়া নির্দেশ বাহাল ৰাখে।
উল্লেখ্য যে বৃহস্পতিবাৰে ন্যায়ালয়ে যোৱা ১১ ডিচেম্বৰৰ পৰা বন্ধ হৈ ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়াৰ বাবে নির্দেশ দিছিল।সেই অনুসৰি শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ৯টা দিনৰ মূৰত আৰম্ভ হৈছিল ইন্টাৰনেটৰ সেৱা।
- Log in to post comments
- 11 views