কেন্দ্ৰীয় চৰকাৰৰ 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' চমুকৈ 'কা'ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ দহ দিনৰ পিছত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ব্ৰহ্মপুত্ৰ অতিথিশালাত সম্বোধন কৰা সংবাদমেলত তেওঁ কয়-'মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমীয়া জাতি ধ্বংস নহয়।মই লুকা-ভাকু খেলা নাই।অসমীয়া জাতিয়ে যাতে অসমত দীর্ঘকালৰ বাবে সুৰক্ষিত হৈ থাকে,তাৰ বাবে কাম কৰিবলৈ মই মুখ্যমন্ত্ৰী হৈছোঁ।ৰাইজৰ স্বাৰ্থত যদি কামেই কৰিব নোৱাৰোঁ,তেন্তে কাৰ বাবে মুখ্যমন্ত্ৰী হৈছোঁ।'
'কা'ৰ জৰিয়তে একাংশই সহজ-সৰল ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰি ভুল তথ্য প্ৰকাশ কৰি গণতান্ত্ৰিক আন্দোলনক হিংসাত্মক পৰ্যায়লৈ লৈ যোৱা বুলি উল্লেখ কৰি সোণোৱালে কয় যে যিসকলে এনে কাম কৰিছে,তেওঁলোক সমাজৰ বাবে প্ৰধান শত্ৰু।যিসকলে তেনে কাম কৰিছে,তেওঁলোকৰ বিৰুদ্ধে এছআইটিৰ প্ৰতিবেদনৰ ভিত্তিত আইনী ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আইনখনৰ বিৰুদ্ধে আছু,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জনগোষ্ঠীয় ছাত্ৰ সংগঠন,শিল্পী সমাজকে আদি কৰি যিসকলে গণতান্ত্ৰিক আন্দোলন কৰিছে,তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা থকা বুলি উল্লেখ কৰি সোণোৱালে কয়-আমি বেলেগ নহয়,আপোনালোকৰ মাজৰে এজন।আমাক আঁতৰ কৰি নপঠাব।জাতীয় সংগঠনসমূহ আগবাঢ়ি আহক আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধান কৰিবলৈ।'
ইফালে আইনখনৰ জৰিয়তে কোটি-লাখ বাংলাদেশীয়ে নাগৰিকত্ব পাব বুলি কোৱা প্ৰসংগক আঁত ধৰি সোণোৱালে কয়- 'এজনো বিদেশী আইনখনৰ জৰিয়তে আহিব নোৱাৰে।যিসকল ধৰ্মীয় উৎপীড়নৰ বলি হৈ পলাই আহি আমাৰ মাজতে এতিয়া আছে,সেই সকলেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।তেনে আবেদন কৰিব লগা সংখ্যা নিচেই তাকৰ বুলি উল্লেখ কৰি তেওঁ আৰু কয়-'আবেদনৰ কাম যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া সেই তালিকাখন ৰাজহুৱা কৰা হ'ব।তেতিয়া ৰাইজে গম পাব আৰু বিভ্ৰান্তি সৃষ্টি কৰাসকলৰ মুখা খোল খাব।'আনহাতে নাগৰিকত্ব পাবৰ বাবে কি কি প্ৰয়োজন হ'ব,সেই সন্দৰ্ভত এতিয়াও ৰোল ফ্ৰেম প্ৰস্তুত হোৱা নাই বুলি উল্লেখ কৰে সোনোৱালে।
আনহাতে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী ৰূপ দিব পাৰিলেহে জাতিয়ে স্থায়ীভাৱে সাংবিধানিক সুৰক্ষা পাব বুলি উল্লেখ কৰি সোণোৱালে কয়-'অহা এমাহৰ ভিতৰত ৬নং দফা কমিটীৰ প্ৰতিবেদন আমাৰ হাতত আহি পোৱাৰ সম্ভাৱনা আছে।সেই প্ৰতিবেদন যিমান সোনকালে পোৱা যাব,সিমান সোনকালে আগবাঢ়িব কাম।অসম সদায় অসমীয়াৰ বাবে।'
একেদৰে অসম আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ইছলাম ধৰ্মীয়লোকক চৰকাৰে সুৰক্ষা দিব বুলি তেওঁ উল্লেখ কৰে।
- Log in to post comments
- 16 views