'কেব' বিৰোধিতাৰে ৰাজ্যৰ শিল্পী সমাজৰ ৰণ হুংকাৰ

Pic

'কেব' বিৰোধিতাৰে বিজেপিৰ সংগ এৰি শিল্পীৰ হুংকাৰলৈ ওলাই আহিল কণ্ঠশিল্পী সীমান্ত শেখৰ।কেব বিৰোধিতা কৰি সীমান্তৰ হুংকাৰ-'বিজেপিৰ হৈ আৰু কেতিয়াও গান গোৱাৰ নহ'ব।কেব বিৰোধিতা কৰিছোঁ,কৰি যাম।' শিল্পী বৰ্ণালী কলিতাই কয়-'শদিয়া-ধুবুৰীলৈ অসমৰ প্ৰতিগৰাকী নাৰীয়ে কেব বিৰোধিতা কৰি অধম সোনোৱাললৈ পিন্ধা মেখেলা প্ৰেৰণ কৰক।প্ৰথম মই কৰিম।' অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়-'আমি আৰু কেতিয়াও কোনো কাৰণত চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ নকৰো।ফিল্মফেয়াৰ বঁটাত অংশগ্ৰহণ নকৰো। ঘৰত থাকিম।আমি মুঠতে কেব মানি ল'ব নোৱাৰো।' অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়-'বহুত সহ্য কৰিলোঁ,বহুত সময়ত মাটি-ভেটি এৰি দিলোঁ,কিন্তু এতিয়াৰে পৰা আৰু নহ'ব।কোনো কাৰণতে কেব গ্ৰহণ কৰা নহ'ব।' নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কয়-'দিল্লীয়ে অসমৰ কথা শুনা নাপায়।আঞ্চলিকতাবাদৰ জন্ম দিয়া সময় আহি পৰিছে।কেব কেতিয়াও মানি ল'ব নোৱাৰো।' গীতিকাৰ শিল্পী দিগন্ত ভাৰতীয় কয়- 'সকলো এক হৈ এখন চালিৰ তলত থাকি সংগ্রাম কৰি যাব লাগিব।' উল্লেখ্য যে কেব বিৰোধিতাৰে শিল্পী সমাজে চানমাৰিত এটা সমদল উলিয়াই।আমবাৰীৰ অগপ কাৰ্যালয় ঘেৰাও কৰি আগবাঢ়ি যায় কটনৰ অভিমুখে।তাৰ পৰৱৰ্তী সময়ত শিল্পীসকল আহি উপস্থিত হয় আছু কাৰ্যালয়ত।তাতে আছু নেতৃত্বৰে বৈঠকত মিলিত হৈ বৃহস্পতিবাৰে দিনৰ ১১ বজাত লতাশিললৈ ৰাজ্যবাসীক আমন্ত্ৰণ জনায়কেব সন্দৰ্ভত আলোচনাৰ বাবে। আজি শিল্পী সকলৰ কাৰ্যসূচীত উপস্থিত থাকে জুবিন গাৰ্গৰ প্ৰমুখ্যে প্ৰায় পাঁচ শতাধিক শিল্পী। ইফালে চৰকাৰ কোনো কামতে শিল্পী সকলক সহযোগ নকৰিবলৈ আহ্বান জনায়। যেতিয়ালৈকে কেব বাতিল নহয়।

Your Comments