জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে পদত্যাগ কৰিছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নৱজ্যোতি ৰাজখোৱাই।তেওঁ পদত্যাগ কৰি কেবৰ বিৰোধিতা কৰি অগপ দল আৰু পদৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰা বুলি কয়।'কেব কেতিয়াও কোনো কাৰণতে মানি লব নোৱাৰোঁ।প্ৰয়োজন হ'লে জাতি, ভাষা ৰক্ষাৰ বাবে আইৰ আচলত ধৰি মৃত্যু বৰণ কৰিম'-ৰাজখোৱাই কয়।আনহাতে, বৰ্তমান সময়ত উপ-সভাপতিগৰাকী অসমৰ বাহিৰত থকা বাবে অহা ১৩ ডিচেম্বৰত আনুষ্ঠানিকভাৱে পদত্যাগপত্ৰ প্ৰদান কৰিব দলক।
- Log in to post comments
- 9 views