জাপানৰ প্ৰধানমন্ত্ৰীৰ আগত 'স্মাৰ্ট চিটী'ৰ ফোপোলা স্বৰূপ ঢকাৰ প্ৰয়াস: মহানগৰীৰ পদপথৰ ব্যৱসায়ীক আঠ দিনৰ বাবে দোকান বন্ধ কৰা নির্দেশ জিএমচিৰ

Pic

উত্তৰ-পূবত বাণিজ্যিক বিনিয়োগৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে অহা ১৫ ডিচেম্বৰত  দেশৰ প্ৰধানমন্ত্ৰীসহ অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী।ইতিমধ্যে অতিথিক আদৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৌন্দৰ্য বৰ্দ্ধনত পূৰ্বে নেদেখা এক পৰিৱেশ ৰচনা কৰিছে।পদপথত চূণ-তেল সানি উজলাই তোলাৰ সমান্তৰালকৈ লগোৱা হৈছে ডিভাইডাৰ প্ৰুফ।মুঠৰ ওপৰত জাপানৰ প্ৰধানমন্ত্ৰীয়ে যাতে ৰাজ্য চৰকাৰৰ  মহানগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দেখা নাপায়,তাৰ বাবে ব্যয় কৰা হৈছে ৰাজকোষৰ কোটি কোটি টকা।

গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটী পৌৰ নিগমে স্মাৰ্ট চিটীৰ ফোপোলা স্বৰূপ ঢাকিবলৈ পদপথৰ ব্যৱসায়ীসকলক অহা ১০ৰ পৰা ১৮ডিচেম্বৰ তাৰিখলৈ পদপথৰ ব্যৱসায়সমূহ বন্ধ ৰখাৰ বাবে ব্যৱসায়ীসকলক নির্দেশ দিছে।নিগমৰ নির্দেশ অনুসৰি জালুকবাৰীৰ পৰা খানাপাৰালৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু জালুকবাৰীৰ পৰা এমজি ৰোড হৈ ৰাজভৱনলৈ থকা পদপথৰ ব্যৱসায়ীসকলক দিয়া হৈছে নির্দেশ। বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে পদপথ ব্যৱসায়ী সন্থা,অসমৰ সাধাৰণ সম্পাদক চন্দন গোস্বামীয়ে।উল্লেখ্য যে পদপথত ব্যৱসায়েৰে দুবেলা-দুমুঠি পেটে-ভাতে যোগাৰ কৰা ব্যৱসায়ীসকলক এই নির্দেশ দিয়াৰ পিছতে তেওঁলোকৰ স্পষ্ট কথা কোনো কাৰণতে তেওঁলোকে বন্ধ নকৰে ব্যৱসায়।কাৰণ ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ সকলোৱে দেখিব লাগিব। কোনোবা ভিআইপি আহিব বুলি এদিন জিলিকালে উন্নয়ন নহয়।আমাৰ দৰে মানুহবোৰ যেতিয়া মৰ্যদাৰে নিজ মাতৃভূমিত জীয়াই থাকিব পাৰিব   তেতিয়াহে হব প্ৰকৃত উন্নয়ন। সন্থাৰ সাধাৰণ সম্পাদক চন্দন গোস্বামীয়ে লগতে কয়-'এদিন ব্যৱসায় নকৰিলে আমাৰ ঘৰ নচলে,তেনে ক্ষেত্ৰত আঠ দিনকৈ ভিআইপি আহিব বুলি আমি নোখোৱাকৈ জীয়াই থাকিম নেকি!'

আনহাতে আশ্চৰ্যজনক কথা এই যে ব্যৱসায়ীসকলৰ এটা সন্থা থকাৰ পিছতো প্ৰশাসন তথা জিএমচিয়ে লিখিত জাননীৰ পৰিৱৰ্তে মুখেৰে প্ৰদান কৰিছে জাননী।এই সন্দৰ্ভত সন্থাৰ আইনী উপদেষ্টা কৃষ্ণা শৰ্মাই কয়-'পদপথৰ ব্যৱসায়ীসকলক ২০১৪ চনৰ আইনৰ মতে চৰকাৰে উঠাব নোৱাৰে।তাৰ বাবে লিখিত জাননী জাৰি কৰি নির্দেশ প্ৰদান নকৰে পৌৰ নিগমে।'

উল্লেখ্য যে ব্যৱসায়ীসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিভিন্ন সময়ত চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ সৈতে যোৱা ২০১৪ চনৰ পৰা আলোচনা কৰি থকা হৈছে যদিও কোনো গুৰুত্ব নাই।মহানগৰীৰ ৭১৮৩ গৰাকী পদপথৰ ব্যৱসায়ীক অনুজ্ঞাপত্ৰ দিব লাগে নিগমে।

Your Comments