'কেব'ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ আজি 'আছু'ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে আন্দোলনৰ কাৰ্যসূচী অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব।'কেব'ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী কি হ'ব,সেই  সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে জাতীয় সংগঠনটোৱে জৰুৰীভাৱে আয়োজন কৰিছে কাৰ্যনিৰ্বাহক বৈঠকখনৰ।গুৱাহাটীত অনুষ্ঠিত হ'ব লগা বৈঠকখনত উপস্থিত থাকিব সংগঠনটোৰ নেতৃত্ব।এই কথা জানিবলৈ দিছে সংগঠনটোৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

ভট্টাচাৰ্যই লগতে জানিবলৈ দিয়া অনুসৰি  উত্তৰ-পূৰ্বাঞ্চলজুৰি কেব বিৰোধী আন্দোলন কেনেদৰে অব্যাহত ৰাখিব পৰা যায়,সেই কথা আলোচনা কৰাৰ বাবে শুকুৰবাৰে নেছ'ৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰা হ'ব। 

উল্লেখ্য যে এই বৈঠক দুখনৰ পিছতে আছু আৰু নেছ'ই ঘোষণা কৰিব কেবৰ বিৰূদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী।গুৰুত্বপূৰ্ণ কথা এই যে মঙলবাৰে অসমৰ জাতীয় সংগঠনেৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক বিফল হোৱাৰ পিছতে আছু নেতৃত্বই ঘোষণা কৰিছিল আন্দোলনৰ বিকল্প নাই বুলি।

Your Comments