ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত পুনৰ বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।কামৰূপ জিলাৰ আমিনগাঁৱত শনিবাৰে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল দুজনকৈ সাংবাদিক।দুৰ্বৃত্তই আক্ৰমণ কৰে বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰন্টু বৈশ্য আৰু ধীৰাজ দাসক।সম্প্ৰতি তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন সাংবাদিক দুজন। চাইল্ড লাইনে ধাবাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক দুগৰাকীক ।ধাবাৰ মালিক আৰু কৰ্মচাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিকদ্বয়।সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰাম,উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাকে ধৰি কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনে। সাংবাদিক আক্ৰমণকাৰী দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত প্ৰতিটো দল-সংগঠনে দাবী জনাইছে।
- Log in to post comments
- 29 views