'সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ'ৰ উদ্যোগত অহা ২৪ নৱেম্বৰত লাচিত দিৱসৰ সৈতে সংগতি ৰাখি সীমান্তত আয়োজন কৰা হৈছে 'দেশভক্তি সমাৱেশ'ৰ।ৰাজ্যৰ ভাৰত-ভূটান আৰু ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ ৮ খন জিলাৰ ৬০টা স্থানত আয়োজন কৰা হৈছে এই সমাৱেশৰ।এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰিদীপ ডেকাই।উল্লেখ্য যে সংগঠনটোৱে ইতিমধ্যে বিগত তিনিটা বছৰে লাচিত দিৱসৰ সৈতে সংগতি ৰাখি সীমান্তৰ জনসাধাৰণৰ মাজত সুৰক্ষা আৰু স্বদেশপ্ৰেমৰ ভাব জাগ্ৰিত কৰাৰ বাবে আয়োজন কৰি আহিছে এই কাৰ্যসূচীৰ। ইফালে সীমান্তৰ উপৰি গুৱাহাটীতো অনুষ্ঠিত কৰিব দেশভক্তি সমাৱেশৰ।মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ 'এলাইমনি ভৱন'ত আয়োজন কৰিব লগা কাৰ্যসূচীত 'সীমান্ত সুৰক্ষা,ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু লাচিত বৰফুকনৰ দেশাত্মবোধ' শীর্ষক এখন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব।প্ৰতিযোগিতাখনত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ৭০০০ টকা, দ্বিতীয় ৫০০০ টকা আৰু তৃতীয় ৩০০০ টকা।ইফালে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া। উল্লেখ্য যে সংবাদমেলখনত উপস্থিত থাকে সংগঠনটোৰ উপ-সভাপতি ডঃ নৱজ্যোতি বৰা।
- Log in to post comments
- 47 views