'কেব'ৰ বিৰোধিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ,শিক্ষক-কৰ্মচাৰী সন্থা,'আছু' গোটৰ জোঁৰ সমদল

Pic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল উলিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু শিক্ষক-কৰ্মচাৰী সন্থাই।বিশ্ববিদ্যালয়খনৰ 'আছু' গোট,বিশ্ববিদ্যালয়খনৰ আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত উলিওৱা এই জোঁৰ সমদলত অংশগ্ৰহণ কৰে ৩০টা জনগোষ্ঠীয় সংগঠনে। বিজেপি চৰকাৰ হায় হায়, জাতিধ্বংসী 'কেব' বাতিল কৰক, সোণোৱাল চৰকাৰ গ' বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জোঁৰ সমদলৰ সময়ত বিশ্ববিদ্যালয়ৰ পৰিয়ালে মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৰি কয়-'জাতিতকৈ ককাই ডাঙৰ নহয়,মৌন ব্ৰত ভংগ কৰি খিলঞ্জীয়া পক্ষত মাত মাতি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়ক।' উল্লেখ্য যে এই জোঁৰ সমদলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোপাল দাস, উৎপল শৰ্মা।

Your Comments