অসমত কেৱল খিলঞ্জীয়াৰ দপদপনি চলিব,অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই-ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Pic

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈছে ৰাজ্য।বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত ৰূপায়ণ কৰে বিধেয়ক বিৰোধিতাৰে এক জোঁৰ সমদলৰ কাৰ্যসূচী।আছুৰ কেন্দ্ৰীয় কাৰ্যালয় অৰ্থাৎ শ্বহীদ ন্যাসৰ পৰা উলিওৱা এই বৃহৎ জোঁৰ সমদলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, সভাপতি দীপাংক নাথ,মহানগৰীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি একাংশ মহানগৰবাসীয়ে। সমদলত অংশগ্ৰহণ কৰি সকলোৱে একে মুখে কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুছিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায়, জাতিধ্বংসী কেব বাতিল কৰক, সাম্প্ৰদায়িক কেব গ্ৰহণ কৰা নহ'ব,প্ৰধানমন্ত্ৰী মোডী হায় হায়, অসমত বাংলাদেশী ৰক্ষনাৱেক্ষণ নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য উপদেষ্টা ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- 'খিলঞ্জীয়া বিৰোধী,বাংলাদেশীৰ ৰক্ষক, অসম চুক্তি পৰিপন্থী, অসাংবিধানিক কেব আমি নামানো। অসম আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়।'৭১ৰ পিছত অহা কোনো হিন্দু-মুছলমান বিদেশীৰ বোজা আমি নলও।' সাম্প্ৰদায়িক দৃষ্টিভংগীৰে অসমক কলুষিত কৰাৰ বাবে এটা নীচ ৰাজনীতি কৰিবলৈ বিচৰা হৈছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়-'অসমত এতিয়া বিভিন্ন জাতি, ভাষা, ধৰ্মাৱলম্বী লোকে স্বাভিমানেৰে খিলঞ্জীয়াৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰি আগবাঢ়ি যাম নে হিন্দু-মুছলমানৰ নামত সংঘাত সৃষ্টি কৰি এক সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবলৈ আমি দিম,এই বিষয়ত এতিয়া অসমৰ ৰাইজে নিজে সিদ্ধান্ত লোৱা সময়।' 'অসমত কেৱল খিলঞ্জীয়া মানুহৰ দপদপনি চলিব লাগিব,অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই'-ভট্টাচাৰ্যই কয়।

Your Comments