নিউজ ডেস্ক, ১ জুলাই -
বলিউডৰ ছবি জগতত লাহে লাহে অসমীয়াৰ দপদপনি আৰম্ভ হৈছে। অসমৰ শিল্পী, কলা-কুশলীয়ে বলিউডৰ ছবিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰিছে। বহুকেইজনে ইতিমধ্যেই ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। বলিউডৰ তাৰকা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত ৰাজকুমাৰ হিৰানীয়ে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবি ‘সঞ্জু’ত ৪ গৰাকী অসম সন্তানে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। সঞ্জয় দত্তৰ নাম ভূমিকাত অভিনয় কৰা ৰণবীৰ কাপুৰৰ এই ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ছবিখনৰ ছাউণ্ড এফেক্টৰ দায়িত্বত আছে নাহৰকটীয়াৰ সন্তান জ্যোতি চেতিয়া। ২০১২ চনৰ পৰা বৰ্তমানলৈকে উত্তৰ ভাৰত, দক্ষিণ ভাৰতৰ লগতে বলিউডৰ প্ৰায় ৫০ খন ছবি আৰু তথ্যচিত্ৰত কাম কৰাৰে অভিজ্ঞতাৰে পুষ্ট জ্যোতি চেতিয়া বৰ্তমান মুম্বাইৰ এগৰাকী সফল ছাউণ্ড এডিটৰ। আনহাতে, ‘সঞ্জু’ ছবিখনৰ এছ’চিয়েট ডায়লগ এডিটৰ হ’ল গুৱাহাটীৰ মালিগাঁৱৰ সন্তান সোমা ভট্টাচাৰ্য্য। কেইবাখনো বিগ বাজটেৰ ছবিত সোমাই ইতিমধ্যে কাম কৰিছে। তাৰে ভিতৰত বুধিয়া সিং, ব’ন টু বান, বাগী, শচীন, মম, পদ্মাৱতী উল্লেখেযোগ্য। সদ্যমুক্তিপ্ৰাপ্ত ছবিখনৰ সৈতে জড়িত আন এগৰাকী অসম সন্তান প্ৰজ্ঞান গগৈ। যোৰহাটৰ প্ৰজ্ঞানে ‘সঞ্জু’ৰ এছ’চিয়েট এডিটৰ হিচাপে কাম কৰিছে। এয়া অসমৰ বাবে নিঃসন্দেহে গৌৰৱৰ বিষয়।
- Log in to post comments
- 37 views