মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুছৱাহাৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰীয় লোকশক্তি পাৰ্টীৰ নেতা কুছৱাহাৰৰ বক্তব্য, ‘দেশবাসীক বিশ্বাসঘাতকতা কৰিছে আপোনালোকে ৷

পৰিকল্পিতভাৱে মন্ত্ৰীসভাৰ কাম-কাজ ব্যাহত কৰিছে ৷ নিজৰ সিদ্ধান্ত প্ৰয়োগৰ বাবে মন্ত্ৰীসভাক ব্যৱহাৰ কৰিছে ৷ কাৰো স’তে কোনো আলোচনাৰ প্ৰয়োজনবোধ নকৰে আপোনোলোকে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

মন্ত্ৰী-আমোলাসকলক সাক্ষীগোপাল কৰি ৰাখি প্ৰধান মন্ত্ৰী দপ্তৰ আৰু বিজেপি সভাপতিয়ে নিজেই যাৱতীয় সিদ্ধান্ত লয় ৷’ উপেন্দ্ৰ কুছৱাহাৰৰ এই মন্তব্য সচেতন দেশবাসীৰ মনৰ ভিতৰত থকা বক্তব্য ৷

প্ৰধান মন্ত্ৰী দপ্তৰ আৰু বিজেপি সভাপতিয়ে গ্ৰহণ কৰি অহা সিদ্ধান্তসমূহ যে গ্ৰহণযোগ্য নহয় ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশ, তেলেংগানা আৰু মিজোৰামৰ নাগৰিকে স্পষ্ট কৰি দিলে নিৰ্বাচনৰ জৰিয়তে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

বিজেপিৰ অভেদ্য দুৰ্গ ৰাজস্থান, ছত্তিশগড় আৰু মধ্যপ্ৰদেশত আঘাত হানি নাগৰিকে ক্ষমতা আৰু দায়িত্ব দেখুৱালে ৷ অতি স্বাভাৱিকভাৱেই তিনিটা কাৰ্যকাল শাসনত থকা ছত্তিশগড় আৰু মধ্যপ্ৰদেশত বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ এক বিৰোধ থাকিবই ৷

কিন্তু এই নিৰ্বাচনত ভোটাৰৰ বিৰোধ কেৱল ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰৰ চৰিত্ৰ আৰু বিজেপিৰ নেতৃবৰ্গৰ আচৰণ ৷ বিজেপিশাসিত ৰাজ্যত শাসকৰ বিৰুদ্ধে বিদ্ৰোহৰ লগতে মোডী চৰকাৰৰ প্ৰচাৰধৰ্মী কাৰ্যকলাপে ভোটাৰক অসন্তুষ্ট কৰিলে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

প্ৰকৃত বিকাশৰ পৰিৱৰ্তে প্ৰতিমূৰ্তি, মন্দিৰ, হনুমান, ৰাম নাম, পৰিৱৰ্তন আদি কাৰ্যকলাপে ভোটাৰক অসন্তুষ্ট কৰিলে ৷ যোৱা চাৰে চাৰি বছৰ দেশখনক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক পৰীক্ষাগাৰলৈ পৰিণত কৰিলে ৷

কংগ্ৰেছমুক্ত ভাৰত, বিৰোধীমুক্ত ভাৰত, মে'ক ইন ইণ্ডিয়া, স্বচ্ছ ভাৰত, ডিজিটেল ইণ্ডিয়া, বিমুদ্ৰাকৰণ, জি এছ টি, নগদবিহীন লেনদেন আদি পৰীক্ষাসমূহত দেশবাসী ‘গিনিপিগ’ হৈ পৰিল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

চি বি আই, আৰ বি আইৰ দৰে অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত মোডী চৰকাৰৰ হস্তক্ষেপে সচেতন দেশবাসীক ভাবিবলৈ বাধ্য কৰিলে, ‘মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিত নহয় ৷’

তাৰেই প্ৰতিফলন ঘটিল পাঁচখন ৰাজ্যৰ নিৰ্বাচনত ৷ ‘মে শাসক নেহি, সেৱক হু’ বুলি প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা নৰেন্দ্ৰভাই দামোদৰ দাস মোডীয়ে আজি দেশত আদানি-আম্বানি-ৰামদেৱৰ যুগ সৃষ্টি কৰিলে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

কৃষক-শ্ৰমিক-যুৱকৰ পৰিৱৰ্তে কৰ্প’ৰেট বিশ্ব বন্ধু হৈ পৰিল ৷ প্ৰতিবাদী কণ্ঠসমূহক দেশদ্ৰোহী বুলি নামকৰণ কৰা হ’ল ৷ বিজ্ঞাপন আৰু প্ৰচাৰৰ মাজতে আবদ্ধ হৈ থাকিল উন্নয়ন ৷

২০১৪ৰ পৰা ২০১৮লৈ কেৱল প্ৰচাৰৰ নামতে প্ৰধান মন্ত্ৰীয়ে ব্যয় কৰিলে ৪,৩৪,৩.২৬ কোটি টকা ৷ এনে প্ৰতিটো বিষয় দেশবাসীয়ে লক্ষ্য কৰিছে ৷ পকৰি বিক্ৰী কৰি দৈনিক দুশ টকা অৰ্জন কৰাসকলক কৰ্মসংস্থাপনপ্ৰাপ্ত হিচাপে গণ্য কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত দেশৰ যুৱ সমাজ অসন্তুষ্ট ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

২০১৪ত এই যুৱ সমাজেই আশা কৰিছিল, দেশত মোডী চৰকাৰে পৰিৱৰ্তন আনিব ৷ পৰিৱৰ্তন আহিল, কিন্তু দেশৰ যুৱ সমাজৰ অনুকূলে পৰিৱৰ্তন নাহিল ৷

মন্দিৰ নিৰ্মাণ আৰু মৌলিক সমস্যা, দুয়োটা পৃথক বিষয় ৷ বিজেপিয়ে এই বিষয়টো হয়তো উপলব্ধি কৰিব পৰা নাই বা বিচৰা নাই ৷ হিন্দী বলয়ৰ হৃৎপিণ্ড মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী কঠোৰ হিন্দুত্ববাদী নেতা যোগী আদিত্য নাথে ৩৬খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিও ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিলে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি অমিত শ্বাহে আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী আদিত্য নাথে ক্ৰমে মধ্যপ্ৰদেশত ৪৩খন, ৰাজস্থানত ৩৭খন, ছত্তিশগড়ত ২৪খন, তেলেংগানাত ২১খন সমাবেশ অনুষ্ঠিত কৰিও ভোটাৰক আকৃষ্ট কৰাত সফল নহ’ল ৷ দেশৰ সচেতন ভোটাৰে আজি সত্যটো উপলব্ধি কৰিছে ৷

প্ৰকৃতাৰ্থত গুজৰাট নিৰ্বাচনৰ পৰাই দেশৰ ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হৈছে ৷ ৰাজস্থানত কংগ্ৰেছে পূৰ্বৰ ২৫ আসনৰ পৰা ৭৬খন বৃদ্ধি কৰি ১০১খন আসন দখল কৰা আৰু বিজেপিৰ ১৬০খনৰ পৰা ৮৭খন আসন হ্ৰাস হৈ ৭৩খন আসন লাভ কৰাটো দেশৰ ৰাজনৈতিক ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ দিশ ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত তিনিটা মাহ ৷ ৰাজস্থানৰ ২৫খন লোকসভাৰ আসনৰ ২৫খনেই ২০১৪ত বিজেপিয়ে লাভ কৰিছিল ৷ উপ-নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ পৰা দুখন আসন কাঢ়ি নিবলৈ সক্ষম হৈছিল ৷

ৰাজস্থান বিধানসভাত ৮৭খন আসন হেৰুৱাবলগা হোৱা বিজেপিয়ে আগন্তুক ২০১৯ৰ লোকসভা নিৰ্বাচনত ২৩খন আসন নিজৰ হাতত ৰাখিব পাৰিবগৈনে ?

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

একেদৰে মধ্যপ্ৰদেশত লোকসভা আসন ২৯খনৰ ২৭খন বিজেপিৰ হাতত আছে ৷ মধ্যপ্ৰদেশত বিজেপিৰ বিধানসভা নিৰ্বাচনত ৫৬খন হ্ৰাস পোৱাৰ বিপৰীতে কংগ্ৰেছৰ বৃদ্ধি হ’ল ৫৬খন আসন ৷

একেদৰে ছত্তিশগড়ত ১১খন লোকসভাৰ আসনৰ ১০খন বিজেপিৰ হাতত আছে ৷ ইতিমধ্যে ঘোষিত বিধানসভা নিৰ্বাচনত বিজেপিৰ হাতত থকা ৪৯খন আসনৰ ৩৪খন আসন হ্ৰাস হৈ ১৫খন আসন থাকিল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

কংগ্ৰেছে ৩৯খনৰ পৰা ২৯খন বৃদ্ধি কৰি ৬৮খন কৰিলে ৷ অতি স্বাভাৱিকভাৱেই হিন্দী বলয়ৰ এই তিনিওখন ৰাজ্যত বিজেপিয়ে পুনৰ মোডীক সহায় কৰিব নোৱাৰিব ৷

মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছত্তিশগড় আৰু মিজোৰামক লৈ ৮৩খন লোকসভাৰ আসন ৷ ২০১৪ৰ নিৰ্বাচনত ইয়াৰে ৬১খন বিজেপিৰ হাতত আৰু মাত্ৰ আঠখন কংগ্ৰেছৰ হাতত আছিল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

তেলেংগানা ৰাষ্ট্ৰ সমিতি অৰ্থাৎ টি আৰ এছৰ হাতত ১১খন লোকসভাৰ আসন ৷ তেলেংগানাত টি আৰ এছে পূৰ্বতকৈ শক্তিশালী স্থিতি গ্ৰহণ কৰিলে ৷ এইবাৰৰ নিৰ্বাচনত ৬৩খন আসনৰ লগত আৰু ২৫খন যোগ কৰি ৮৮খন টি আৰ এছে দখল কৰিছে ৷

তেলেংগানাত লোকসভাৰ মুঠ আসন ১৭খন ৷ কংগ্ৰেছৰ হাতত দুখন, বিজেপিৰ হাতত এখন, টি ডি পি, ৱাই এছ আৰ কংগ্ৰেছ, এ আই এম আই এমৰ হাতত এখনকৈ আসন আছিল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

তেলেংগানাৰ শেহতীয়া নিৰ্বাচনী ফলাফলে টি আৰ এছৰ লোকসভাৰ আসন বৃদ্ধি কৰাটো স্পষ্ট কৰিলে ৷ লোকসভা নিৰ্বাচন সন্মুখত থকাৰ বাবে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ ফলাফলে আজি দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত অতি গুৰুত্ব লাভ কৰিছে ৷

তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি আৰু মিজোৰামৰ মিজো নেচনেল ফ্ৰণ্টৰ অধিক উত্থানে দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বাবে এক নতুন দিশ মুকলি কৰিলে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

তেলেংগানাৰ বিধানসভা নিৰ্বাচনত এফালে কংগ্ৰেছ, তেলুগু দেশম, চি পি আই আৰু আনফালে বিজেপি ৷ তাৰ মাজত অকলে নিৰ্বাচনী যুঁজ দি তেলেংগানাৰ আঞ্চলিক দল টি আৰ এছে পুনৰ ৰাজ্যৰ ক্ষমতা কুক্ষিগত কৰি ৰখাৰ লগতে পূৰ্বৰ আসন ৬৩খনৰ পৰা ৮৮খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল ৷

কংগ্ৰেছে ২১খন আৰু বিজেপিয়ে মাত্ৰ এখন আসনতে সন্তুষ্ট থাকিবলগা হ’ল ৷ নেচনেল ফ্ৰণ্টে ৪০জনীয়া বিধানসভাৰ ২৬খন আসন দখল কৰিবলৈ সক্ষম হ’ল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

মিজোৰামত দুই ৰাষ্ট্ৰীয় দল কংগ্ৰেছে পাঁচখন আৰু বিজেপিয়ে মাত্ৰ এখন আসনতে সন্তুষ্ট থাকিবলগা হ’ল ৷ টি আৰ এছ আৰু এম এন এফে কংগ্ৰেছ আৰু বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা কাৰ্য আজিৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ ঘটনা ৷

টি আৰ এছ আৰু এম এন এফৰ পৰা অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ কেনে শিক্ষা গ্ৰহণ কৰে, সেইটো লক্ষণীয় হ’ব ৷ সন্মুখত লোকসভা নিৰ্বাচন ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

বিজেপিশাসিত তিনিখন ৰাজ্যৰ ক্ষমতা কাঢ়ি আনিবলৈ সক্ষম হোৱা কংগ্ৰেছে নিশ্চয় নতুন শক্তি লাভ কৰিলে ৷ জোঁটবন্ধন ৰাজনীতিৰ প্ৰসংগত চলি থকা আলোচনাই এক নতুন দিশ লাভ কৰিব ৷

কংগ্ৰেছে নিজৰ প্ৰাসংগিকতা দেখুৱাবৰ বাবে অধিক ৰাজনৈতিক সমল পাব ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে এইবাৰ অধিকভাৱে নিজৰ নেতৃত্বৰ পৰিচয় দিব পৰাৰ বিপৰীতে নৰেন্দ্ৰ মোডীৰ গ্ৰাফডাল কিছু হ’লেও নিম্নগামী হ’ল ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

‘ৰাজনৈতিক ক্ষেত্ৰখনত মোডীক এইবাৰ পৰা যাব’,  এনে ৰাজনৈতিক সাহস বিৰোধীয়ে এই নিৰ্বাচনত লাভ কৰিলে ৷ শিৱ সেনাৰ মুখপাত্ৰ সাংসদ সঞ্জয় ৰাউতে ব্যক্ত কৰিলে, ‘বিজেপিৰ কৰ্মকাণ্ডক লৈ আমি দুশ্চিন্তাত আছিলো ৷

সাধাৰণ নাগৰিকে বিজেপিক উচিত শিক্ষা দিছে ৷’ তিনি ৰাজ্যত বিজেপিৰ পতনে বিজেপিবিৰোধী শক্তিক আগুৱাই যোৱাৰ পথ মুকলি কৰিলে বুলি মতপ্ৰকাশ কৰিছে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

এই জয় সমগ্ৰ দেশৰ বিজেপিবিৰোধী শক্তিৰ জয় বুলি পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কয় ৷ নিৰ্বাচনী ফলাফলে দেশবাসীৰ চিন্তা-চেতনাৰ প্ৰতিফলন ঘটাইছে বুলি মতপোষণ কৰে ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে ৷

মোডী চৰকাৰৰ হাতত দেশবাসী সুৰক্ষিতনে ?

ৰাষ্ট্ৰীয় ৰাজনীতিৰ নেতৃবৰ্গৰ বক্তব্য-মন্তব্যসমূহলৈ লক্ষ্য কৰি এইটো ধাৰণা কৰা নিশ্চয় ভুল নহ’ব যে দেশৰ ৰাজনীতিত অচিৰেই এক ধুমুহা   বলিব ৷

ফোন- ৯৭০৭০২৪৬১২

Your Comments