শৰতৰ সুবাসৰ মাজত অহা পহিলা নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব ২১সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা।সদৌ অসম পুথি প্ৰকাশ আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এইবাৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব অসমৰ লগতে দিল্লী, কলকাতা,পঞ্জাব,ত্ৰিপুৰা,অন্ধপ্ৰদেশ বাংলাদেশ আদিৰ মুঠ ৭৮টা প্ৰকাশন গোষ্ঠীয়ে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এইবাৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব লগা বিপনীসমূহৰ স্থান আৱন্টনৰ বাবে অনুষ্ঠিত কৰা হয় পূৰ্বৰ বর্ষসমূহৰ দৰে লটাৰী।উক্ত লটাাৰী পৰিচালনা কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম নাথ, অধিবক্তা বিষ্ণু কুমাৰ আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই। লটাৰীৰ জৰিয়তে এইবাৰৰ উত্তৰ-পূব গ্ৰন্থমেলাত অংশগ্ৰহণ কৰাৰ বাবে মুঠ ২৩২খন বিপনীক স্থান আৱন্টন দিয়া হৈছে।
উল্লেখ্য যে অংশগ্ৰহণ কৰিব লগা বিপনীসমূহক (A)টাইপ আৰু (B)টাইপ দুটা ভাগত ভাগ কৰি লটাৰী অনুষ্ঠিত কৰা হয়।উক্ত লটাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা বিপনীসমূহৰ স্বত্বাধিকাৰী আৰু প্ৰতিনিধি সকল উপস্থিত থাকে।
আনহাতে,উক্ত লটাৰী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী আৰু সভাপতি ইমৰান আহমদ।
- Log in to post comments
- 8 views