বিস্তাৰিত হ'ব অটল অমৃত সেৱা:পহিলা নৱেম্বৰৰ পৰা ১২টা ৰোগত প্ৰযোজ্য হ'ব কাৰ্ড

Pic

ৰাজ্যবাসীৰ বাবে অধিক  বিস্তাৰিত হ'ব অটল অমৃত আঁচনিৰ সেৱা।বৰ্তমান এই আঁচনিয়ে ছয়টা ৰোগক সামৰিছিল।কিন্তু অহা পহিলা নৱেম্বৰৰ পৰা অটল অমৃত আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু ছয়টা ৰোগ।অৰ্থাৎ এতিয়াৰ পৰা অটল অমৃত সেৱাত উপলব্ধ হ'ব ১২টাকৈ ৰোগৰ চিকিৎসা। এই কথা বুধবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয় যোৱা সোমবাৰে অনুষ্ঠিত হোৱা  কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আঁচনিখনক।ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে পূৰ্বৰ ছয়টা ৰোগৰ লগত নতুনকৈ সংযোজন ঘটোৱা হৈছে আৰু ছয়টা ৰোগৰ সুবিধা।সেই অনুসৰি অটল অমৃত কাৰ্ড থকা প্ৰতিজন ৰোগীয়ে যিকোনো বেমাৰৰ বাবে আইচিইউত ভৰ্তি হ'লে লাভ কৰিব দুই লাখ টকা।একেদৰে এতিয়াৰ পৰা যিকোনো দুৰ্ঘটনাজনীত কাৰণত প্ৰযোজ্য হ'ব এই কাৰ্ড সেৱা।ইয়াৰ উপৰিও পূৰ্বতে কেৱল নৱজাত শিশুৰ বাবে প্ৰযোজ্য হোৱা অটল অমৃত কাৰ্ড এতিয়াৰ পৰা প্ৰযোজ্য হ'ব ১৪বছৰ বয়সৰলৈকে জটিল অস্ত্ৰোপচাৰ হোৱা  প্ৰতিটো শিশুৰ ক্ষেত্ৰত।

ইয়াত উপৰিও কেন্সাৰ নোহোৱাকৈ যদি কোনো ৰোগীৰ অন্য কাৰণত ৰাজহাড় সংৰূপণ কৰিব লগা হয়,তেন্তে তেনে ৰোগীয়ে লাভ কৰিব অটল অমৃত কাৰ্ডৰ দুই লাখ টকাৰ সেৱা।একেদৰে জাপানী এনকেফেলাইটিচ ৰোগত প্ৰযোজ্য হ'ব এই কাৰ্ড। ইয়াৰ সমান্তৰালকৈ একুইট এন্সিফিলিটিচ ছিন্দ্রমত এতিয়া পৰা ৰোগীয়ে লাভ কৰিব অটল অমৃত সেৱাৰ সুবিধা।উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে এগৰাকী ৰোগীয়ে দুই লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰে।


সংবাদমেলত ড: শৰ্মাই কয় যে যোৱা বর্ষৰ পৰা আৰম্ভ হোৱা অটল অমৃত আঁচনিয়ে বিগত ১৮ মাহত ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ ব্যক্তিক চিকিৎসা সেৱা প্ৰদান কৰিছে।তাৰ বাবে চৰকাৰে বৰ্তমান সময়লৈকে ১৪০ কোটি টকা ব্যয় কৰিছে।

মন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি সেই ৬০ হাজাৰ ৰোগীৰ ভিতৰত কেন্সাৰ ৰোগী আছে ২৭,৪২৮ গৰাকী, কিডনী ৰোগী ২০,২২৩গৰাকী আৰু হাৰ্ট অস্ত্ৰোপচাৰ ৰোগী ৬,৪৭০গৰাকী। ইয়াৰ উপৰিও বাকী প্ৰায় ৪,৮৭৯ গৰাকী অগ্নিদগ্ধ ৰোগী, স্নায়ুৰোগী আৰু নৱজাত শিশুক বিগত সময়চোৱাত সেৱা প্ৰদান কৰিছে।

আনহাতে যিসকল ব্যক্তিয়ে অটল অমৃত কাৰ্ড বৰ্তমান সময়লৈকে উলিওৱা নাই সেইসকলে অহা ৩১ মাৰ্চৰ ভিতৰত জিলা অসামৰিক চিকিৎসালয়ত উলিয়াব পৰিব বুলি সংবাদ মেলখনত অৱগত কৰে মন্ত্ৰী শৰ্মাই।আনহাতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু জিএমচিএইচৰ পৰা মহানগৰবাসীয়ে সংগ্ৰহ কৰিব পাৰিব এই কাৰ্ড।

আনহাতে মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি আগন্তক ডিচেম্বৰৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰোগীৰ সুবিধা হোৱাকৈ ৫০খন নতুন আইচিইউ বেড স্থাপন কৰা হ'ব।

Your Comments