তিনিদফীয়া দাবীলৈ অবিৰত ধৰ্ণাত বহিল অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদ:ব্যাহত কৰিলে সঞ্চালকৰ কাৰ্যালয়ৰ কাম-কাজ

Pic

অসমৰ অনুসূচীত জাতি ছাত্ৰ-ছাত্ৰীৰ বাবে আৱণ্টিত ছাত্ৰ জলপানী শীঘ্ৰে আদায় দিয়াৰ দাবীত মঙলবাৰে অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত গ্ৰহণ কৰা হয় অবিৰত ধৰ্ণা কাৰ্যসূচী।গুৱাহাটীৰ দিছপুৰৰ সৰুমটৰীয়াত অসম চৰকাৰৰ অনুসূচীত কল্যাণ সঞ্চালকালয়ৰ সন্মুখত এই অবিৰত ধৰ্ণা কাৰ্যসূচীৰ ফলত বহু সময় ধৰি ব্যাহত হৈ পৰে কাৰ্যালয়টোৰ কাম-কাজ।কাৰণ পূৰ্বতে কোনো খবৰ নিদিয়াকৈ অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ লোকসকলে হঠাৎ কাৰ্যালয়টোৰ সন্মুখত উপস্থিত হৈ সাব্যস্ত কৰে অবিৰত ধৰ্ণা কাৰ্যসূচী।

ৰাজ্যৰ অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মূলত: তিনিটা সমস্যা সমাধানৰ বাবে সাব্যস্ত কৰা এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ প্ৰায় দুই শতাধিক সদস্যই।উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ সভাপতি ৰুবুল দাসে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামান্যতম সকাহ দিয়াৰ   বাবে  প্ৰদান  কৰি অহা ছাত্ৰ জলপানী ২০১৪-১৫ বিত্ত বর্ষৰ পৰা অনিয়মিত হৈ অহাৰ পিছত যোৱা তিনিটা বছৰে সম্পূৰ্ণ বন্ধ হৈ আছে।এই সন্দৰ্ভত অসম চৰকাৰৰ অনুসূচীত জাতি কল্যাণ বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো সোণোৱাল চৰকাৰে অনুসূচীত জাতিৰ ছাত্ৰ জলপানী প্ৰদান কৰিব নোৱাৰিলে। তাৰ বাবে সংগঠনটোৱে অবিৰত ধৰ্ণা কাৰ্যসূচীৰ গ্ৰহণ কৰা বুলি অৱগত কৰে।

তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক অনুসূচীত জাতি ছাত্ৰ-ছাত্ৰীসকলৰ তিনিটা গুৰুত্বপূৰ্ণ সমস্যা অহা ১৫ দিনৰ ভিতৰত সমাধান কৰাৰ বাবে অবিৰত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে দাবী জনায়।তেওঁলোকৰ দাবী সমূহ হৈছে- ২০১৪-১৫ বিত্তবর্ষৰ পৰা অনাদায় হৈ থকা অনুসূচীত জাতিৰ সকলো ছাত্ৰ জলপানী আদায় দিয়া।দ্বিতীয়তে, চলিত বিত্ত বর্ষৰ পৰা অনুসূচীত জাতিৰ প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো ধৰণৰ ছাত্ৰ জলপানী মুকলি কৰি দিয়া।ইয়াৰ উপৰিও চলিত বিত্তৰ বর্ষৰ পৰা অনুসূচীত জাতিৰ ছাত্ৰ জলপানী ১০০শতাংশ বৃদ্ধি কৰি নিয়মিতভাৱে এই বৃত্তি প্ৰদান কৰা। 

এই তিনিটা দাবীৰ অহা ১৫ দিনৰ ভিতৰত সমাধান বিচাৰি অনুসূচীত জাতি কল্যাণ পৰিষদৰ সঞ্চালকক এক স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে। লগতে তেওঁলোকে কয় যে এই স্মাৰকপত্ৰই যদি কোনো কাম নিদিয়ে,তেন্তে অনাগত দিনত সংগঠনটোৱে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ সাধাৰণ সম্পাদক কমলাকান্ত দাস উপস্থিত থাকে।

Your Comments