বঙাইগাঁও :
মহা মানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বিজেপি দলে সমগ্ৰ দেশজুৰি পালন কৰা সংকল্প যাত্ৰাৰ অংশ হিচাপে আজি বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও বিধান সভা সমষ্টিটো গান্ধী সংকল্প পদ যাত্ৰা উলিওৱা হয় ৷ বঙাইগাঁও জিলা বিজেপিৰ উদ্যোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা গান্ধী সংকল্প পদ যাত্ৰাত অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সম্পাদিকা হিমানী অধিকাৰী, ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষা পুণীয়া গোস্বামী, ৰাষ্ট্ৰীয় পৰিষদীয় সদস্য হেম গিৰি কোচ, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অনিল দাস, জনতা যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি হৰিদেৱ ৰায় আদিয়ে অংশ গ্ৰহণ কৰে ৷ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা গান্ধী সংকল্প পদ যাত্ৰা ভিতৰুৱা পথেৰে দেউৰীপাৰালৈ গৈ তাৰ পৰা মূল ৰাজ পথেৰে চহৰৰ মাজেৰে মায়াপুৰী তিনি আলি, ভাকাৰীভিটা, মহাবীৰস্থান হৈ পাগলাস্থানত উপস্থিত হয় ৷
পাগলাস্থানত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাজ্ঞলি জনোৱাৰ পিচত পদ যাত্ৰাকাৰীসকলে আগবাঢ়ি গৈ পালপাৰাৰ মাজেৰে উত্তৰ বঙাইগাঁৱৰ বৌ বজাৰত উপস্থিত হয় আৰু কাৰ্যসূচীৰ সামৰণি পৰে ৷ যাত্ৰা পথত পদ যাত্ৰাকাৰীসকলে ভিন্ন জনক মহাত্মা গান্ধীৰ চমু জীৱন আৰু আদৰ্শ সম্বলিত প্ৰচাৰ পত্ৰও বিতৰণ কৰে ৷ উল্লেখ্য যে পদ যাত্ৰা কাৰ্যসূচীৰ পূৰ্বে এখন সভাও অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে ৰাজ্যিক সমিতিৰ উপ সভাপতি বিজয় গুপ্তা আৰু মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ভাৰত মাতৃ আদিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্বল কান্তি ৰায়ে আঁত ধৰা এই অনুষ্ঠানৰ পিছতে জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ে আদৰণি ভাষণ ৰাখে ৷ সভাত ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিজয় গুপ্তাই নিজৰ ভাষণত কয় যে বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দুখীয়া ,লাঞ্চিত, বঞ্চিত তথা দলিত ৰাইজৰ কাৰণে কি দৰে সমতাযুক্ত, শোষণমুক্ত, ব্যভিচাৰমুক্ত, দৰিদ্ৰতামুক্ত সমাজ গঢ়ি তুলিব পাৰে সেয়াই হৈছে একমাত্ৰ লক্ষ্য ৷ অৰ্থাৎ গান্ধীবাদী দৃষ্টিকোণৰ আধাৰৰ ওপৰত আমাৰ চৰকাৰখনে কাম কৰি আছে ৷ আজিও আমি এই সংকল্প লৈছো আৰু যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল তেতিয়াও সেই সংকল্প লৈছিলোঁ আৰু যেতিয়ালৈকে বিজেপি দলৰ চৰকাৰ থাকিব তেতিয়ালৈকে মহা মানৱ মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি আমাৰ দলটো আৰু চৰকাৰখন আগবাঢ়ি যাম ৷
তেওঁ মহাত্মা গান্ধীৰ আদৰ্শৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন সংকল্পৰ লগতে স্বচ্ছ ভাৰত অভিযান, এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন আদিৰ বিষয়েও উল্লেখ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় ৷ আনহাতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কয় যে এই সংকল্প যাত্ৰাৰ জৰিয়তে মহা মানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে কমেও ডেৰশ কিলোমিটাৰ পদ যাত্ৰা কৰি ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰা আৰু নিজৰ মনত মহা মানৱ মহাত্মা গান্ধীৰ আদৰ্শক হৃদয়ংগম কৰাৰ বাবেই এই সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে ৷ বৰুৱাই দলীয় কৰ্মকৰ্তাসকলক উদ্দেশ্যি কয় যে আমি আমাৰ হৃদয়ত মহা মানৱগৰাকীক সংস্থাপিত কৰিব লাগিব আৰু তেঁওৰ আদৰ্শৰে ভৱিষ্যৎ জীৱনটো যাতে গঢ় দিব পাৰো, ভৱিষ্যৎ কৰ্ম পন্থা গ্ৰহণ কৰিব পাৰো তাৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগিব বুলিও কয় ৷ ইপিনে সভাৰ পিচত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে সাংবাদিকৰ আগত কয় যে গান্ধী সংকল্প যাত্ৰা আমাৰ দুই অক্টোৱৰৰ পৰা গোটেই ভাৰতজুৰি আৰম্ভ হৈছিল ৷ আজি বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁৱত আৰম্ভ কৰিছো ৷ সেই সংকল্প যাত্ৰাৰ মূল উদ্দেশ্য হ'ল মহা মানৱ মহাত্মা গান্ধীৰ আদৰ্শক নিজৰ হৃদয়ত স্থাপন কৰা ৷ য'ত আমি মন মে বাপু বুলি কৈছো ৷ হৃদয়ত মহা মানৱ মহাত্মা গান্ধীক স্থাপন কৰাটোৱে আমাৰ মূল উদ্দেশ্য ৷ তাৰ লগে লগে সাধাৰণ মানুহৰ ওচৰলৈ মহা মানৱগৰাকীৰ আদৰ্শ আৰু তেওঁৰ উদ্দেশ্যক কাষ চপাই নিয়াটোৱে আমাৰ লক্ষ্য ৷ কাৰণ যোৱা ষাঠিটা বছৰৰ কংগ্ৰেছ দলৰ শাসনে মহা মানৱগৰাকীৰ এই আদৰ্শসমূহক এনেকুৱা পৰ্যায়লৈ নি নোহোৱা কৰি পেলালে যে কংগ্ৰেছ দল যে এজন বৃটিছে জন্ম দিয়া দল আছিল আৰু এগৰাকী ইটালিয়ান মহিলাই হে চলাই আছে এতিয়া কেৱল মাত্ৰ সেইটো কথাহে পৰিস্ফুট হয়।
গতিকে ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে আৰু জাতীয়তাবাদী আদৰ্শৰে আমাৰ দলে কাম কৰিছে আৰু সেই আদৰ্শ আৰু মহা মানৱগৰাকীৰ আদৰ্শও ৰাইজৰ ওচৰলৈ নিয়াটো আমাৰ দায়িত্ব ৷ আনহাতে আজি ৰাজ্যখনৰ চাৰিটাকৈ বিধান সভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপিৰ ফলাফল কি হ'ব বুলি মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাক প্ৰশ্ন কৰাত কয় যে -'আমি চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত ইতিমধ্যে বিজয়ী হৈছোয়েই ৷ এটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে ৷ গতিকে আমি চাৰিটা সমষ্টিতে জিকিম বুলি আশা ৰাখিছো ৷ তিনিটাত আমি বিজয়ী হৈছোয়েই ৷ জনিয়া সমষ্টিৰ বিষয়ে সোধাত তেওঁ কয় যে জনিয়া সমষ্টিত আমাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে ৷ আমাৰ বিশ্বাস আজি নিৰ্বাচন চলি আছে আৰু যিধৰণে ৰাইজ বিজেপিৰ সপক্ষে ওলাই আহিছে সেই দিশৰ পৰা আমি জনিয়া সমষ্টিটো বিজয়ৰ সম্ভাৱনা দেখিবলৈ পাইছো ৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নত্তোৰত কয় যে - আমাৰ বিজেপি দলৰ স্থিতি প্ৰথম দিনাৰে পৰা স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি আনিম আৰু এই বিধেয়কৰ দ্বাৰা আমাৰ এই অঞ্চলত থকা শৰণাৰ্থীসকলক নাগৰিকত্ব দিম ৷ তাত কোনো ক'বলগীয়া নাই ৷ আনহাতে ভাৰতবৰ্ষত থকা অনুপ্ৰৱেশকাৰীসকলক তথা বিদেশীসকলক ইয়াৰ পৰা বিতাড়িত কৰাৰ যি ব্যৱস্থা সেইটো আমি কৰিম ৷ কিন্তু শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী আমি একলগ নকৰো ৷ শৰণাৰ্থীসকলৰ পক্ষত আমি আছো আৰু এইটো আমাৰ জন্মলগ্নৰে পৰা স্থিতি আৰু তাত আমাৰ দ্বিতীয় কথা ক'বলগীয়া নাই ৷ উল্লেখ্য যে আজিৰ এই পদ যাত্ৰাত গান্ধী সংকল্প পদ যাত্ৰাৰ জিলা প্ৰমুখ মদনলাল আগৰৱালা, জিলা বিজেপিৰ মহিলা মৰ্চা, যুৱ মৰ্চা আদিৰ বিষয়ববীয়াসকলৰ লগতে দলীয় কৰ্মীসকলেও অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 38 views