বহুকেইটা দাবী লৈ মঙলবাৰে অবিৰত ধৰ্ণাত বহিব অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ,অসম।গুৱাহাটীৰ দিছপুৰ সৰুমটৰীয়াস্থিত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সন্মুখত সাব্যস্ত কৰিব অবিৰত ধৰ্ণা কাৰ্যসূচী।দিনৰ ১২ বজাৰ পৰা সাব্যস্ত কৰিব লগা এই ধৰ্ণা কাৰ্যসূচীৰ প্ৰধান দাবীসমূহ হৈছে অসমৰ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ২০১৪-১৫ বর্ষৰ পৰা বন্ধ হৈ থকা ছাত্ৰ জলপানি শীঘ্ৰে আদায় দিয়া।লগতে,ছাত্ৰ জলপানিৰ পৰিমাণ ১০০শতাংশ বৃদ্ধি কৰা।
ইয়াৰ উপৰিও অনুসূচিত জাতিৰ বাবে বিভিন্ন শিতানত অহা পুঁজি মন্ত্ৰী, বিধায়ক আৰু একাংশ বিষয়াই আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰূপায়ণ কৰিব এই ধৰ্ণা কাৰ্যসূচী।
আনহাতে,এই ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত সংগঠনটোৰ সভাপতি ৰুবুল দাসে কয়- 'মন্ত্ৰী পীয়ুষ হাজৰিকা,পৰিমল শুক্লবৈদ্যৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে জলপানি নাপায়। অনুসূচিত জাতিৰ কৃষকৰ নামত আৱন্তিত গাড়ী, ট্ৰেক্টৰ আদি কৃষকে নাপাই বেলেগে পাইছে।'গতিকে এইসমূহ দাবী লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 2 views