কবি অনিন্দিতা কলিতাৰ কাব্যগ্ৰন্থ 'ফুলিব খোজা ফুলপাহৰ বাবে' উন্মোচন

Pic

কবি অনিন্দিতা কলিতাৰ চতুৰ্থ কাব্যগ্ৰন্থ 'ফুলিব খোজা ফুলপাহৰ বাবে' দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি,আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই।সংস্কৃতা মালাকাৰে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তাবিউল হুছেইন,প্ৰথিতযশা কবি,সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামান,কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী,সুলেখিকা ৰুবী কটকী আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিচালক অৱনী বৰা।কবি আনিছ উজ জামানে ভাষণ প্ৰসংগত কবি অনিন্দিতা কলিতাৰ নিষ্ঠাপূৰ্ণ কাব্য  সাধনাৰ শলাগ লয়।কবি জামানে যুৱ কবিসকলক অসমৰ লোকগীত,লোককৃষ্টিৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।এই অধ্যয়নে যুৱ কবিসকলক অসমৰ লোকজীৱন,লোককৃষ্টিৰ উপাদান উল্লেখ  থকা উৎকৃষ্ট কবিতা লিখাত সহায় কৰিব বুলি তেওঁ কয়।গ্ৰন্থ উন্মোচনী সভাখনত সাহিত্য একেডেমীৰ অনুবাদ বঁটাপ্ৰাপ্ত সাহিত্যিক বিপুল দেউৰী,কবি নিবেদন দাস পাটোৱাৰী,সূৰ্য গোস্বামী,মনোজ চক্ৰৱৰ্তী, পাহাৰী শইকীয়া,কবি বিজয় শংকৰ বৰ্মন,মানৱজ্যোতি দাস আদি বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।লগতে উপস্থিত থাকে শতাধিক কাব্যপ্ৰেমী।গ্ৰন্থ উন্মোচনী সভাখনত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট কবি,সমালোচক বিপুল শৰ্মাই।

Your Comments