আজি অসমীয়াই পালন কৰিব কাতি বিহু 

Kati bihu

আজি কৃষিজীৱী অসমীয়াৰ বাপতিসাহোন কাতি বিহু।সমগ্ৰ ৰাজ্যজুৰি  অসমীয়াৰ চোতাল শুৱনি কৰি তুলসীৰ তলত সন্ধিয়াৰ লগে লগে জ্বলি উঠিব বন্তি।সমান্তৰালকৈ কৃষিজীৱী চহা খেতিয়কৰ সোণগুটিৰ পথাৰত জ্বলিব বন্তি।খেতি পথাৰত বন্তি জ্বলাই খেতিডৰা যাতে পোক-পতংগই বিনষ্ট নকৰে;শস্যৰ উৎপাদন যাতে অধিক হয়,তাৰ বাবে প্ৰাৰ্থনা কৰিব।

অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত কাতি বিহু অন্যতম।পৰম্পৰা অনুসৰি এই কাতি বিহু পালন কৰিয়ে কৃষিজীৱী অসমীয়াই কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি চপোৱাৰ কামত হাত দিব।এই সময়চোৱাত কৃষিজীৱী অসমীয়াৰ ভঁৰালসমূহ খালী হৈ থাকে।তাৰ বাবে এই বিহুক কঙালী বুলিও কোৱা হয়।এই বছৰ অসমৰ বিস্তীৰ্ণ গ্ৰামাঞ্চলত বানপানীয়ে কৃষিৰ ব্যাপক ক্ষতিসাধন কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ কাতি বিহুৱে  যেন সম্পূৰ্ণ অৰ্থত কঙালীৰ সংজ্ঞা প্ৰকাশ কৰিছে।

Your Comments