শুনানি সম্পন্ন : যি কোনো মুহূৰ্ততে ঘোষিত হ'ব পাৰে ৰাম জন্মভূমি-বাবৰী মছজিদ সম্পৰ্কে চূড়ান্ত ৰায় 

ram mandir

নিউজ ডেস্ক :

ৰাম জন্মভূমি-বাবৰী মছজিদৰ ভূমি বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিৰ বুধবাৰে অন্ত পৰে। জানিব পৰা মতে উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠ আজি  বন্ধ বিচাৰকক্ষত মিলিত হ’ব আৰু পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে আলোচনা কৰিব।দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই পাঁচজনীয়া বিচাৰপীঠে যোৱা ৬আগষ্টৰ পৰা দৈনিক শুনানি গ্ৰহণ কৰি আহিছিল। ৪০ দিন ধৰি চলা এই শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে বৰ্তমানে নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। সামাজিক- ৰাজনৈতিক দিশৰ পৰা অতি স্পৰ্শকাতৰ এই বিষয়টোৰ চূড়ান্ত ৰায় অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিলগীয়া মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰ গ্ৰহণৰ পূৰ্বেই ঘোষিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Your Comments