চৰকাৰে গণভোটত জয়ী হৈ গৃহীত কৰক কেব, অন্যথা কোনো কাৰণত মানি লোৱা নহ'ব এই বিধেয়ক: পলাশ চাংমাই

ajycp

নিউজ ডেস্ক :

"নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ হলে চৰকাৰে গণভোট আয়োজন কৰক।গণভোটত যি পক্ষৰ সপক্ষে ৰায় যাব সেই সিদ্ধান্তক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদে গ্ৰহণ কৰিব" -এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ।কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমৃত শ্বাহে অসমবাসীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্ববাসীৰ বিৰোধীতাক মূল্যহীন কৰি হিন্দুক সংস্থাপনৰ বাবে  নাগৰিকত্ব সংশোধনীৰ বিধেয়ক গৃহীত কৰিব বুলি কৰা দাম্ভিক ঘোষণাৰ পাছতে আকৌ জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।বৃহস্পতিবাৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে কেবৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। কোনো কাৰণতে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াটো আমি নিবিচাৰোঁ।

দেশৰ গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বিভিন্ন নেতাই বিধেয়কখন ভাৰতবর্ষৰ বাবে গৃহীত কৰা এখন বিধেয়ক বুলি বিভিন্ন সময়ত মত প্ৰকাশ কৰি আহিছে।সেই সকল নেতাক উদ্দেশ্য কৰি চাংমাইৰ প্ৰশ্ন "ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অসমৰ দৰে বিদেশী প্ৰব্ৰজনৰ সমস্যা আছে ? তেওঁৰ স্পষ্ট কথা সমগ্ৰ ভাৰবর্ষত বিদেশীৰ চিনাক্তকৰণৰ ভিত্তিবর্ষ ৫১চন আৰু অসমত বিদেশী চিনাক্তকৰণ ভিত্তিবর্ষ ৭১চন।অসম আন্দোলন  আৰু তাৰ পৰৱৰ্তী পয্যায়ত বিশেষ পৰিস্থিতিত আমি ২০ বছৰৰ বিদেশীৰ বোজা অতিৰিক্তকৈ গ্ৰহণ কৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ দৰে এখন সৰু ৰাজ্যই কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবে বিজেপিৰ এনে সিদ্ধান্ত কেতিয়াও মানি লব নোৱাৰে"।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত প্ৰকাশ কৰি চাংমাই তাপৰ্যপূৰ্ণ ভাৱে কয় যে "হিন্দুৰ প্ৰতি দায়বদ্ধ বুলি বিজেপিয়ে সততে কয়।কিন্তু আমি বাস্তৱত দেখিবলৈ পাইছোঁ যে শ্ৰীলংকা তামিল সকলো হিন্দু ধৰ্মীয় লোক।সেই তামিল সকলো আজি গোষ্ঠীগত সংঘৰ্ষত নিহত হৈছে। কিন্তু বিধেয়কখনে সেই সকলক চুবগৈ পৰা নাই"। গতিকে তেওঁলোকে কেৱল মাত্ৰ এটা ৰাজনৈতিক উদ্দেশ্য সন্মুখত ৰাখি বিধেয়ক খন গৃহীত কৰিবলৈ গৈছে। 

ইফালে পূৰ্বতে এই বিধেয়কখনৰ বিৰুদ্ধে যিদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক শক্তি একত্ৰিত হৈছিল,বিভিন্ন জাতীয় দল সংগঠন ৰাজপথলৈ ওলাই আহিছিল লগতে ভাৰতবৰ্ষৰ বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হৈ আমাক সহযোগ কৰিছিল।যাৰ ফলস্বৰূপে লোকসভাত গৃহীত কৰি ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিব নোৱাৰিলে। গতিকে পুনৰ পৰিস্থিতি ৰাইজৰ পক্ষতে থাকিব বুলি উল্লেখ কৰে চাংমাই।কাৰণ তাৰ ইংগিত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়টোৰ বিৰোধিতা কৰিছে। গতিকে যিকেইখন ৰাজ্যত ইতিমধ্যে সাংবিধানিক ৰক্ষাকৱচ আছে।য'ত সংবিধানে বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰি ৩৭১(ক) দৰে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিছে।কিন্তু এইসমূহ থকাৰ পাছতো তেওঁলোকে বিধেয়ক খনক বিৰোধিতা কৰিছে। কাৰণ তেওঁলোকে জানে এই বিধেয়কখন গণতন্ত্ৰৰ পৰিপন্থী।গতিকে গণতন্ত্ৰৰ প্ৰকৃত বিশ্বাসী সকলে এনে সিদ্ধান্ত মানি লব নোৱাৰে  সেয়ে উত্তৰ পূৱৰ শক্তিশালী তিনি গৰাকীকৈ মুখ্যমন্ত্ৰীয়ে ইয়াক বিৰোধিতা কৰিছে"। তেওঁলোকৰ দৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ইয়াক বিৰোধীতা কৰিব লাগে বুলি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় যুৱনেতা পলাশ চাংমাইয়ে।

 

Your Comments