অসম সাহিত্য সভাৰ ২০২০-২২ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ:সভাপতি-সম্পাদক পদত প্ৰতিদ্বন্দিতা কৰাসকল কোন? 

সাহিত্য

শতবর্ষ অতিক্ৰম কৰা অসম সাহিত্য সভাৰ ২০২০-২২বর্ষৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে প্ৰাৰ্থীৰ মনোনয়নপত্ৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। সেই অনুসৰি সভাপতি পদৰ বাবে সাত গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছিল।আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়নপত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে।মনোনয়নপত্ৰ বৈধ বুলি ঘোষণা কৰা সভাপতি পদৰ প্ৰাৰ্থীসকল হৈছে ডঃ বসন্ত কুমাৰ গোস্বামী, কুলধৰ শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা,পখিলা কলিতা, সূৰ্য্যকান্ত হাজৰিকা, ডঃ কৰৱী ডেকা হাজৰিকা আৰু ডঃ জয়শ্ৰী গোস্বামী মহন্ত।
 
একেদৰে উপসভাপতি পদৰ বাবে চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছিল।চাৰিগৰাকীৰে মনোনয়নপত্ৰ বৈধ হিচাপে পৰিগণিত হৈছে।তেওঁলোক হৈছে ৰতিমোহন নাথ, মৃণালিনী দেৱী, পদুমী গগৈ আৰু ডঃ বসন্ত কুমাৰ শৰ্মা। 

আনহাতে প্ৰধান সম্পাদক পদৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন।তেওঁলোক হ'ল যাদৱ চন্দ্ৰ শৰ্মা,হৰেন্দ্ৰ কলিতা আৰু দেৱজিত বৰা।আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়নপত্ৰ বৈধ বুলি বুধবাৰে সংবাদমেল পাতি ঘোষণা কৰিছে অসম সাহিত্য সভাৰ নিৰ্বাচনী কমিটিয়ে।কমিটীয়ে লগতে কয় যে সম্পাদক পদৰ বাবে বৰ্তমানৰ  প্ৰধান সম্পাদক পদুম ৰাজখোৱাই মনোনয়নপত্ৰ দাখিল কৰিছিল কিন্তু পিছতে মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিছে।

উল্লেখ্য যে বুধবাৰৰ সংবাদমেলখন সম্বোধন কৰে মুখ্য নিৰ্বাচনী বিষয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনে। সংবাদমেলত মুখপাত্ৰ মহাজনে কয়-'প্ৰাৰ্থীসকলে মনোনয়নপত্ৰৰ লগত সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নহয় বুলি স্পষ্ট কৰিছে। যদি সেই সন্দৰ্ভত ভুল তথ্য কমিটীক প্ৰদান কৰিছে,তেন্তে প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পুনৰবাৰ সকীয়াই দিয়া হৈছে।'স্মৰ্তব্য যে নিয়ম অনুসৰি কোনো প্ৰাৰ্থীয়ে ১০ বছৰ সক্ৰিয় ৰাজনীতিত থাকিব নোৱাৰিব।

ইফালে,প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ সংবিধানৰ গণ্ডীৰ ভিতৰত অনুষ্ঠিত কৰা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব ১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে। জিলা আৰু শাখা পৰ্যায়ত উক্ত সময়ছোৱাত ডাকযোগে ভোটদান কৰিব পাৰিব । 

লগতে আজিৰ সংবাদমেলত নিৰ্বাচনী সমিতিয়ে প্ৰকাশ কৰা অনুসৰি ১০ ডিচেম্বৰৰ বিয়লি ৪ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ভোট বাকচ বন্ধ কৰি গুৱাহাটীৰ পাণবজাৰ থানাত আৰক্ষীৰ নিৰাপত্তাত ৰখা হ'ব। 

একেদৰে ১৫ ডিচেম্বৰত ঘোষণা কৰা হ'ব ফলাফল।

Your Comments