নিউজ ডেস্ক :
মহানগৰী খানাপাৰাত মংগলবাৰে ৰাতি সংঘটিত হয় এক ডকাইতিৰ ঘটনা। বাইকত অহা দুই ডকাইতে খানাপাৰাত গাড়ীৰ বাবে ৰৈ থকা এগৰাকী ব্যৱসায়ী যাত্ৰীৰ পৰা কাঢ়ি লৈ যায় নগদ ৪.৫০লাখ টকা।
প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ আঠগাঁৱৰ আনন্দ হাউছিং কৰ্পৰেচন ছচাইটিৰ বাসিন্দা কৃষাণ সিং নামৰ ব্যৱসায়ী গৰাকীয়ে ব্যৱসায়ৰ কামত ৪.৫০লাখ টকা লৈ নগাঁওলৈ যাবৰ বাবে খানাপাৰাত গাড়ীলৈ অপেক্ষা কৰি আছিল।তেনেতে বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ী সিংৰ টকা থকা বেগতো লৈ উধাও হয়।ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ১৭৪১/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৯২ধাৰা অনুসৰি তদন্তৰ অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ দুৰ্বৃত্তক কাৰায়ত্ত কৰিব পৰা হোৱা নাই।
- Log in to post comments
- 7 views