নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিটিএডি অশান্ত কৰাৰ ষড়যন্ত্ৰ চলাইছে একাংশই-গণ সুৰক্ষা পাৰ্টী

Pic

'বিটিএডিৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিটিএডি অশান্ত কৰাৰ বাবে একাংশই চলাইছে ষড়যন্ত্ৰ।স্প্ৰেমেন আৰু সোপাধৰাৰ নামত বিটিএডিত এতিয়া আতংকৰ সৃষ্টি হৈছে।মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত অবড়ো সুৰক্ষা সমিতি,অসম আৰু গণ সুৰক্ষা পাৰ্টিয়ে যৌথভাৱে আয়োজন কৰা এখন সংবাদমেলত গণ সুৰক্ষা পাৰ্টীৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই এনেদৰে মন্তব্য কৰে। 

সংবাদমেলখন সম্বোধন কৰি মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই কয় যে ১৫ বছৰ শাসনত থকা হাগ্ৰামাই যি অপশাসন চলাইছে,সেই ক্ষেত্ৰত বিটিএডিৰ ৰাইজ অতিষ্ঠ হৈছে।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডি অশান্ত কৰাৰ কাৰণে একাংশই উঠিপৰি লাগিছে।বিটিএডিত বৰ্তমান সোপাধৰা  আৰু স্প্ৰেমেনৰ নাম লৈ বড়ো-অবড়ো সকলো মহিলাক অত্যাচাৰ কৰি আহিছে বুলিও তেওঁ কয়। 

আনহাতে,নৱ শৰণীয়াৰ বিৰুদ্ধে এই সোপাধৰাৰ যি প্ৰচাৰ চলাইছে,সেয়া সম্পূৰ্ণ ভুৱা বুলিও মহন্তই কয়। 
সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ বাবেই  এনে অভিযোগ আনিছে বুলি তেওঁ কয়।

'হাগ্ৰামাই পাহাৰ সদৃশ দুৰ্নীতি কৰিছে। কেন্দ্ৰৰ পৰা অহা ধন হাগ্ৰামাই আত্মসাত কৰিছে' বুলিও মহন্তই কয়।  

তেওঁ আৰু কয়-'সুলভ মূল্যৰ খাদ্য সামগ্ৰী যোগানৰ নামতো হাগ্ৰামাই দুৰ্নীতি কৰিছে।সুলভ মূল্যৰ দোকানীসকলৰ কমিচনৰ ধন মোকোলাই দিয়া নাই হাগ্ৰামাই।সুলভ মূল্যৰ কমিচন উলিয়াই নিদিলে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।' 

'পৰাজয়ৰ কথা নিশ্চিত বুলি জানিয়েই হাগ্ৰামা মহিলাৰীয়ে এই সকলোবোৰ কৰিছে। বিটিএডিত সোপাধৰা আৰু স্প্ৰে মেনৰ ঘটনা এতিয়ালৈকে ১৫ টাতকৈও অধিক হৈছে। বিটিএডিত এইবাৰ বিপিএফ উৎখাত হ'ব আৰু এইবাৰ হিটলাৰী শাসনৰ অৱসান হ'ব' বুলিও ব্ৰজেন মহন্তই জানিবলৈ দিয়ে।  


আনহাতে,বিটিএডি সেনাৰ সম্পাদকগৰাকীয়ে চাৰিখন জিলাত পাঁচ হাজাৰকৈ বিশ হাজাৰ সেনা থাকিব বুলি কয়।এই নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰা কোনো কাৰণতে সম্ভৱ নহয় বুলিও তেওঁলোকে কয়। 


সংবাদমেলখনত গণ সুৰক্ষা পাৰ্টীৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বাহ আৰু 
অবড়ো সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীও উপস্থিত থাকে।

Your Comments