'হিমন্ত পেইড ছিংগাৰ,তেওঁ এফালে এখন কেছেট,আনফালে আন এখন কেছেট বজায়'-তৰুণ গগৈ

Tarun Gogoi

মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।সংবাদমেলখন সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়-'অসমৰ জাতীয় জীৱনত মহা সংকট আহিছে। ইয়াৰ পিছতো বিজেপি চৰকাৰ নিদ্ৰাত আছে।দেশৰ বৰ্তমান পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে দায়ী।জাতি- মাটিৰ কথা কোৱা চৰকাৰখনে ক্ষমতা পাই সকলো বিসৰ্জন দিছে।তেওঁলোকে অসমৰ ধ্বংসযজ্ঞৰ পূজাৰীৰ ভূমিকা লৈছে।তেওঁলোকৰ লগতে অগপৰ সভাপতি অতুল বৰা আৰু মহন্তই সেই যজ্ঞত ঘিঁউ ঢালিছে।'

'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিনটো যেনেদৰে আয়োজন কৰিব লাগিছিল,সেই হিচাপে একোৱেই নকৰিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসংগিকতা যথেষ্ট বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে,কিন্তু সেয়া হ'বলৈ হলে মুখ্যমন্ত্ৰীয়ে 'কেব'ৰ বিৰোধিতা কৰিব লাগিব।লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মাক যদি শান্তি দিব বিচাৰে তেনেহলে মুখ্যমন্ত্ৰীয়ে 'কেব' বিৰোধিতা কৰক।অসমৰ স্বাৰ্থত যদি মুখ্যমন্ত্ৰীয়ে মাত নামাতে,তেনেহ'লে কেন্দ্ৰ চৰকাৰ বা অমিত শ্বাহক দোষ দি লাভ নাই'-গগৈয়ে উল্লেখ কৰে। 

গগৈয়ে আৰু কয়-'সোমবাৰে অগপৰ প্ৰতিষ্ঠা দিৱসত তেওঁলোকে কিয় কেবৰ বিৰুদ্ধে মাত নামাতিলে। লতেওঁলোক নামতহে আঞ্চলিকতাবাদী দল হৈছে। নুমলীগড়,বিমান বন্দৰক লৈ তেওঁলোক নিমাত কিয়?মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতকৰন হোৱাৰ কথা নাজানো বুলি কৈছিল।কিন্তু সোমবাৰে তেওঁ চিঠি দিছে কেন্দ্ৰীয় চৰকাৰলৈ। বিজেপি চৰকাৰে সকলো ব্যক্তিগতকৰন কৰিব বিচাৰিছে।'

'নোবেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে নিজে কৈছে যে বিমুদ্ৰাকৰন আৰু জিএছটিয়ে ভাৰতৰ অৰ্থনীতি বিপদাপন্ন কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ ভঁৰালত সকলো ফালৰ পৰাই অভাৱে দেখা দিছে। বিদ্যালয়,কলেজবোৰত শিক্ষকৰ পদ খালি আছে কিন্তু বিজেপি চৰকাৰে গুণোৎসৱ পাতিছে'-তৰুণ গগৈয়ে মন্তব্য কৰে। 

'আমি ভ্ৰষ্টাচাৰৰ সদাগৰ বুলি বিজেপিয়ে কয়। কিন্তু আমাৰ পৰা দুজন ভ্ৰষ্টাচাৰৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম ৰয়ক বিজেপিয়ে লৈ গ'ল।'-প্ৰাক্তন মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে।

'সংখ্যালঘু অসমত বেছি নে গুজৰাটত বেছি,সেয়া হিমন্তক সোধক।হিমন্তই কংগ্ৰেছত থাকোতে গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল।হিমন্ত আচলতে এটা পেইড গায়ক।তেওঁ এফালে এটা কেচেট বজায় আৰু আনফালে এটা কেচেট বজায়'- গগৈয়ে মন্তব্য কৰে।

গগৈয়ে কয়-'দুলাল পালৰ মৃত্যুৰ বাবে কোন দায়ী।তেওঁ ভাৰতীয় নাগৰিক। ভাৰতীয় নাগৰিকসকলক এনআৰচিৰ পৰা বাদ পেলাই ভৱিষ্যত কোনে অন্ধকাৰ কৰিছে।তেওঁলোকক কোনে ডিটেনশ্বন কেম্পলৈ পঠাইছে।'

'বিজেপি চৰকাৰক লৈ মই আশাবাদী নহয়। কাৰণ তেওঁলোকে অমিত শ্বাহ আৰু মোডীৰ আগত সঁচা কথা কবলৈ ভয় কৰে।তেওঁলোকে সকলোকে ঠগিলে' বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য আগবঢ়াই।

যুৱ সমাজ আৰু ছাত্ৰ সমাজক ওলাই আহিবলৈ তৰুণ গগৈয়ে আহ্বান জনায়। নহ'লে দেশৰ আৰু বিপদাপন্ন হ'ব বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মন্তব্য আগবঢ়াই।

Your Comments